🔹 ১৮৬ ভাৰতীয়-৪৭জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বিএছএফৰ
মহানগৰ বাৰ্তা, ১ ডিচেম্বৰ : ভাৰত-পাকিস্তান আৰু ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে পহিলা ডিচেম্বৰত ৫৮টা বৰ্ষ অতিক্ৰম কৰি ৫৯ টা বৰ্ষত ভৰি দিছে। ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত গঠন কৰা বাহিনীটোৰ বৰ্তমান বেটেলিয়নৰ সংখ্যা হল ১৯৬টা । যাৰ বাবে বি এছ এফ বিশ্বৰ অন্যতম সৰ্ববৃহৎ সীমান্ত নিৰাপত্তা বাহিনী হিচাপে পৰিগণিত হৈছে । এই মন্তব্য বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহাপৰিদৰ্শক দীনেশ কুমাৰ যাদৱৰ। বি এছ এফৰ ৫৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৩০ নৱেম্বৰৰ দিনা সন্ধিয়া গুৱাহাটী ফ্ৰন্টিয়াৰৰ আজাৰা পাটগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বাৰ্ষিক সংবাদ মেলত বি এছ এফ গঠনৰ লগতে চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত এঘাৰ মাহত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ে তেওঁলোকৰ পৰিসীমাত থকা বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কেনে ধৰণৰ কাৰ্য সম্পাদন কৰিছে, তাৰ বিশদ ব্যাখ্যা দাঙি ধৰে। সংবাদ মেলত মহাপৰিদৰ্শক দীনেশ কুমাৰ যাদৱে কয়- বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে অসম আৰু পশ্চিমবংগৰ মুঠ ৫০৯ কিঃমিঃ বাংলাদেশৰ সীমান্তৰ পহৰা কাৰ্য আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছে । চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত এঘাৰ মাহত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩টা ছেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৫,৬৯৫টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়তে ১,৫১৬.৯৬৫ গ্ৰাম সোণ , ২৭,১৬৫টা বটল ফেন্সিডাইল, ২,৮০৪ কেজি ভাং, ৪০,২০২টা য়াবা টেবলেট, ৫,৭৮৫টা সুৰাৰ বটল, ৩,৩৯,০০০ টকাৰ নকল ভাৰতীয় টকা বা জালনোট জব্দ কৰিবলৈ সক্ষম হৈছে । আনহাতে, অভিযানত বি এছ এফে সীমান্তত ১৮৬জন ভাৰতীয় আৰু ৪৭জন বাংলাদেশী চোৰাং কাৰবাৰী-সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবংগৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩টা ছেক্টৰৰ অধীনত ১১টা বেটেলিয়ন নিয়োজিত হৈ আছে । ইয়াৰে ধুবুৰী ছেক্টৰত প্ৰায় ৯১.৭২৬ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাঁটা তাঁৰৰ বেৰ বা ফেঞ্চিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে । এঘাৰ মাহত যিখিনি চোৰাং সামগ্ৰী বি এছ এফে সীমান্তত উদ্ধাৰ কৰিছে, তাৰ মূল্য হ’ব প্ৰায় ১২ কোটি টকা। একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি এছ এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, চাফাই অভিযান, গছপুলি ৰোপণ, কৃষক ৰাইজৰ মাজত কৃষিকাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ, বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ, মহিলাক চিলাই মেচিন বিতৰণ কৰি আহিছে । ইয়াৰ উপৰি ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ লগতে ছেক্টৰ আৰু বেটেলিয়ন মুখ্য কাৰ্যালয়সমূহতো গণৰাজ্য দিৱস, সন্ত্ৰাসবাদবিৰোধী দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিশ্ব পৰিৱেশ দিৱস, আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছবিৰোধী আৰু মাদক দ্ৰব্য প্ৰতিৰোধী দিৱস, ৰাষ্ট্ৰীয় স্বচ্ছতা দিৱস, আৰক্ষী স্মৃতি দিৱস, তদাৰকী সজাগতা সপ্তাহ পালন কৰা হৈছিল। তেনেদৰে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গাঁৱত ৰাইজৰ সহযোগত অমৃত কলহত মাটি সংগ্ৰহ কৰি সেই মাটি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। ইফালে, সীমান্তৰ সিপাৰৰ পৰা ভাৰতলৈ যাতে কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে, তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ( বি জি বি ) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে আৰু প্ৰত্যাহ্বান যিমানেই কঠিন নহওক কিয়, তাক সদায় সাহসেৰে মোকাবিলা কৰি আহিছে বুলি মহাপৰিদর্শক দীনেশ কুমাৰ যাদৱে সদৰী কৰে। আনহাতে, গুৱাহাটী ফ্ৰন্টিয়াৰৰ ভাৰপ্ৰাপ্ত প্ৰিন্সিপাল ষ্টাফ অফিচাৰ তথা উপ-মহাপৰিদৰ্শক কুলবন্ত ৰায় শৰ্মাই আঁত ধৰা সংবাদ মেলখনত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ছেকেণ্ড-ইন-কমাণ্ড মনোজ কুমাৰ যাদৱ, ডেপুটী কমাণ্ডেণ্ট সুবোধ ৰকধেকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে ।
প্ৰেৰক অমল কলিতা