নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ১২১ কিলোমিটাৰ ৰিং ৰোড প্রকল্পলৈ ৫,৭২৯ কোটি টকা কেন্দ্ৰৰ

🛑 চাৰিলেনযুক্ত উত্তৰ গুৱাহাটী বাইপাছ–২৭নং চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ ৬ লেনলৈ উত্তৰণ ২৭নং ৰাষ্ট্রীয় ঘাইপথৰ ৫৮ কিলোমিটাৰ হ’ব উন্নীতকৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ আগষ্টঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে ৰাষ্ট্রীয় ঘাইপথৰ মুঠ ৯৩৬ কিলোমিটাৰ সাঙুৰি ৮টা ঘাইপথ প্রকল্পত ৫০,৬৫৫ কোটি টকাত অনুমোদন জনায়৷ ইয়াৰ ভিতৰত অসমৰ গুৱাহাটীৰ ৰিং ৰোড প্রকল্পও আছে৷ কেন্দ্রীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি উত্তৰ–পূব ভাৰতৰ দুৱাৰমুখ গুৱাহাটীৰ ১২১ কিলোমিটাৰ ৰিং ৰোড প্রকল্প উন্নয়নৰ বাবে মুঠ পুঁজি ৫,৭২৯ কোটি টকাত অনুমোদন জনোৱা হৈছে৷ এই অনুমোদিত ৫,৭২৯ কোটি টকাৰে চাৰিলেনযুক্ত নর্ডান গুৱাহাটী বাইপাছ (৫৬ কিলোমিটাৰ), ৰাষ্ট্রীয় ঘাইপথ ২৭ৰ চাৰিলেনযুক্ত পথক ৬ লেনলৈ উত্তৰণ (৮ কিলোমিটাৰ) আৰু বর্তমানৰ ৰাষ্ট্রীয় ঘাইপথ (এনএইচ ২৭)ৰ ৫৮ কিলোমিটাৰ উন্নীতকৰণ কৰিব৷ এই প্রকল্পটোৰ অধীনতেই ব্রহ্মপুত্রৰ ওপৰত এখন দলং নির্মাণ কৰা হ’ব৷ গুৱাহাটী ৰিং ৰোড প্রকল্পৰ জৰিয়তে যাতায়াত ব্যৱস্থা উন্নীত কৰা হ’ব৷ যাৰ ফলত ৰাষ্ট্রীয় ঘাইপথ ২৭ৰ দীর্ঘ দূৰত্বৰ যান–বাহনৰ চলাচলত সুবিধা হ’ব৷ কেন্দ্রীয় কেবিনেটে গুৱাহাটী ৰিং ৰোড প্রকল্পত ৫,৭২৯ কোটি টকা অনুমোদন জনোৱাৰ পাছত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৃতজ্ঞতা জনাইছে৷

You might also like