শিলচৰত ৩ কোটিৰ ৫৭৬.৫৮ কিঃগ্ৰাঃ গাঞ্জা জব্দ, আটক ৩
শিলচৰত ৩ কোটি টকাৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। লগতে দুখন বাহন সহ তিনি গৰাকী সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, কাছাৰ আৰক্ষীয়ে শিলচৰ বাইপাছৰ সমীপৰ আই এছ বি টিত নিচাজাতীয় সামগ্ৰীৰ অবৈধ পৰিবহণৰ বিৰুদ্ধে অভিযান চলাই ত্ৰিপুৰাৰ পৰা অহা এখন বলেৰো আৰু এখন ভেৰনা বাহন আটক কৰে। তালাচীৰ সময়ত আৰক্ষীৰ দলটোৱে গাড়ী দুখনৰ ভিতৰত লুকুৱাই থোৱা প্ৰায় ৫৭৬.৫৮ কিলোগ্ৰাম ওজনৰ গাঞ্জাৰ ৮৬টা পেকেট উদ্ধাৰ কৰে।
ক’লা বজাৰত গাঞ্জাখিনিৰ মূল্য ৩ কোটি টকা হ’ব। তদুপৰি তিনি গৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী কেইজন হ’ল জ্যোতিষ দেববৰ্মা, ৩৮বছৰ, ঘৰ পশ্চিম ত্ৰিপুৰাৰ সিধাই মোহনপুৰৰ উত্তৰ দাসঘৰীয়াৰ ৰামশংকৰ পাৰা,প্ৰসান দেববৰ্মা (৩২)ঘৰ পশ্চিম ত্ৰিপুৰা জিৰাণিয়া অজিন্দ্ৰ বজাৰৰ ৰহি সদৰ পাৰা আৰু চিৰঞ্জিত দেববৰ্মা(৩১) ঘৰ পশ্চিম ত্ৰিপুৰা,সীথাই মোহনপুৰ, সোণাৰাম বজাৰ, ৰামদাস ঠাকুৰ পাৰা।
তেওঁ কয়,উদ্ধাৰ হোৱা নিচাজাতীয় দ্ৰব্যটো স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত জব্দ কৰা হৈছে। সংঘটিত স্থানত কৰা পৰীক্ষাৰ সময়ত ড্ৰাগ ডিটেকচন কিটত গাঞ্জাৰ পজিটিভ ফলাফল পোৱা গৈছিল। প্ৰাথমিক তদন্তৰ সময়ত পোহৰলৈ আহিছে যে ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা এই মনোৰোগী পদাৰ্থটো অবৈধভাৱে পৰিবহণ কৰা হৈছে৷ এই সন্দৰ্ভত অধিক তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক নোমল মাহাত্তাই।
নিয়মীয়া বাৰ্তা ২৪ জুন, প্ৰেৰক গৌতম তালুকদাৰ