নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ক’ৰোনা আক্রান্তৰ সংখ্যাই অতিক্রম কৰিলে ৬ হাজাৰ

অসমত একেদিনাই পুনৰ ২০৩ ব্যক্তি ক’ভিড–১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ দেশৰ লগতে অসমতো ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাত আতংকময় পৰিস্থিতি অব্যাহত আছে৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ দ্বাৰা ৰাজ্যত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ পাছত এইবাৰ ভ্রমণ বুৰঞ্জী নথকা লোক পজিটিভ চিনাক্ত হোৱা বিষয়টোৱে স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি ৰাখিছে৷ এনে জটিল পৰিস্থিতিৰ মাজতে ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা ৬ হাজাৰ অতিক্রম কৰিলে৷ কালি পুনৰ ২০৩জন ব্যক্তি ক’ভিড–১৯ পজিটিভ চিনাক্ত হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য সদৰী কৰে৷

এই সংখ্যাৰে ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা ৬,০৫৬লৈ বৃদ্ধি পায়৷ ইফালে, কামৰূপ (মহানগৰ) জিলাত অস্বাভাৱিক ৰূপত ক’ভিড–১৯ পজিটিভৰ সংখ্যা বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সকলোকে৷ কামৰূপ (মহানগৰ)ৰ সমান্তৰালভাৱে ধুবুৰী, হোজাই, গোলাঘাট আৰু নগাঁৱতো ক্রমাৎ বৃদ্ধি পাইছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি কামৰূপ (মহানগৰ) জিলাত আক্রান্তৰ সংখ্যাই পাঁচ শতাধিক অতিক্রম কৰিছে৷ জিলাখনত সর্বাধিক ৰোগী আক্রান্ত হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানত থকা ধুবুৰীত ৩০৬জন আৰু হোজাইত ২৩৭জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷

ৰাজ্যৰ এই তিনিখন জিলাৰ লগতে ভয়ংকৰ ৰূপত আক্রান্তৰ সংখ্যা বৃদ্ধিৰে চতুর্থ স্থানত থকা গোলাঘাট জিলাত এতিয়ালৈ পজিটিভৰ সংখ্যা হৈছেগৈ ২১৬জন৷ নগাঁৱত ১৮৮জন আৰু কামৰূপ (গ্রাম্য) জিলাত এই সংখ্যা ১৪৬জনলৈ বৃদ্ধি পাইছে৷ কামৰূপ (মহানগৰ) জিলাত আক্রান্তৰ সংখ্যা সর্বাধিক যদিও জিলাখনত এই ৰোগৰ পৰা আৰোগ্য হৈ উঠিছে ৩২৯জন ৰোগী৷ ইয়াৰ বিপৰীতে ধুবুৰীত মাত্র ৫জন ৰোগী আৰোগ্য হৈ উঠিছে৷

একেদৰে গোলাঘাট জিলাত ৮৮জন, নগাঁৱত ২২জন আৰু কামৰূপ (গ্রাম্য) জিলাত ২২জন ৰোগী ৰোগমুক্ত হৈ চিকিৎসালয়ৰ পৰা ৰিলিজ পাইছে৷ ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে চিকিৎসালয়ৰ পৰা ৰিলিজ পাইছে মুঠ ৩,৭৬২জন ৰোগীয়ে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি টুইটযোগে ১৯৭জন ৰোগী চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ তথ্য সদৰী কৰে৷ ইয়াৰ ফলত ৰাজ্যত ক’ৰোনামুক্ত হৈ সুস্থ হোৱা লোকৰ হাৰ ৬৪.৩ শতাংশলৈ বৃদ্ধি হৈছে৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ২,২৮২জন লোক৷

You might also like