ব্যক্তিগত খণ্ডলৈ ৰাজ্যৰ ৬১২ বর্গকিঃমিঃ তৈলক্ষেত্র
দেশৰ ৭৫ ‘স্মল অইল ফিল্ড’ক লৈ পেট্র’লিয়াম মন্ত্রালয়ৰ এনআই
নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ খাৰুৱা তেল–প্রাকৃতিক গেছৰ ঘৰুৱা উৎপাদন বৃদ্ধি আৰু নগদীকৰণৰ দোহাই দি কেন্দ্রীয় চৰকাৰে দেশৰ ৭৫খন ক্ষুদ্র তৈলক্ষেত্র ব্যক্তিগত খণ্ডক গতাবলৈ পুনৰ তৎপৰ হৈ পৰিছে৷ ব্যক্তিগতকৰণৰ বিৰুদ্ধে সমগ্র ভাৰততে তীব্র প্রতিবাদ অব্যাহত থকাৰ সময়তে ‘ডিছক’ভাৰ স্মল ফিল্ড্ছ বিড ৰাউণ্ড–৩’ৰ অধীনত কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে চলোৱা এনে কুচকাৱাজৰ আওতাত অসমৰো ৬১২.২ বর্গকিলোমিটাৰ এলেকাত তিনিখনকৈ তৈলক্ষেত্র আছে৷ তেল আৰু প্রাকৃতিক গেছ নিগম (অ’ এন জি চি)ৰ দ্বাৰা আৱিষ্কাৰকৃত এই তিনিখন তৈলক্ষেত্রৰ এখন ‘আছাম–ছেল্ফ বেচিন’ৰ হোৱাৰ বিপৰীতে আন দুখন হ’ল ‘আছাম–আৰাকান ফ’ল্ড বেল্ট’ৰ৷ অতি শেহতীয়াকৈ হাইড্র’ কার্বন সঞ্চালকালয় প্রধান (ডি জি এইচ)ৰ তৰফৰ পৰা ক্ষুদ্র তৈলক্ষেত্রসমূহ ব্যক্তিগত খণ্ডক গতোৱাৰ উদ্দেশ্যে নিবিদা (এন আই অ’) আহ্বানৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰা হৈছে৷ সেই অনুসৰি অহা ১ ফেব্রুৱাৰীৰ পৰা ১৫ মার্চৰ ভিতৰত নির্ধাৰণ কৰা হৈছে নিবিদা দাখিলৰ দিন৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে এই নিবিদাত ১০০ শতাংশই বিদেশী কোম্পানীয়ে অংশগ্রহণৰ পথ প্রশস্ত থাকিব৷ উল্লেখ্য যে ইতিপূর্বে আহ্বান কৰা নিবিদাৰ অন্তিম দিন বিগত বর্ষৰ ৩১ আগষ্ট ধার্য কৰা হৈছিল৷
কিন্তু কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে এই সময় যোৱা ২৯ অক্টোবৰলৈ পিছুৱাই দিয়ে৷ পিছে কোনো ধৰণৰ কাৰণ নদর্শোৱাকৈ নিবিদা দাখিলৰ সময় স্থগিত ৰখা হৈছিল৷ শেহতীয়াকৈ পুনৰ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ৰ অধীনস্থ হাইড্র’ কার্বন সঞ্চালকালয় প্রধানে অহা ১ ফেব্রুৱাৰীৰ পৰা ১৫ মার্চৰ ভিতৰত নিবিদা দাখিলৰ সময় নির্ধাৰণ কৰি দিছে৷ ব্যক্তিগত খণ্ডক গতাবলৈ বিচৰা ৭৫খন ক্ষুদ্র তৈলক্ষেত্র সামগ্রিকভাৱে ৩২টা অঞ্চলত অৱস্থিত৷ ইয়াৰে ১১খন ক্ষুদ্র তৈলক্ষেত্র ভূমিভাগত থকাৰ বিপৰীতে ২০খন উপকূল দূৰৱর্তী অগভীৰ আৰু এখন গভীৰ জলস্তৰত আছে৷ অসমৰ যি তিনিখন ক্ষুদ্র তৈলক্ষেত্র এই তালিকাত অন্তর্ভুক্ত হৈছে, আটাইকেইখনে ভূমি ভাগত থকা৷ অ’ এন জি চিৰ দ্বাৰা আৱিষ্কাৰকৃত ব্যক্তিগত খণ্ডক গতাব বিচৰা অসমৰ ক্ষুদ্র তৈলক্ষেত্র তিনিখন হ’ল ‘আছাম–ছেল্ফ বেচিন’ৰ অন্তর্গত তথা শিৱসাগৰ জিলাৰ টিফুক (২১.৪ বর্গকিলোমিটাৰ), ‘আছাম–আৰাকান ফ’ল্ড বেল্ট’ৰ অন্তর্গত তথা কৰিমগঞ্জ জিলাৰ পাথাৰিয়া (৯৬.৫ বর্গকিলোমিটাৰ) আৰু কাছাৰ জিলাৰ টুকবাই (৪৯৪.৩ বর্গকিলোমিটাৰ)৷
ইয়াৰে টিফুকত ৪টা, পাথাৰিয়াত ৪টা আৰু টুকবাইত ৬টাকৈ তৈল–গেছ খাদ আছে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ব্যক্তিগত খণ্ডক গতাব বিচৰা উক্ত ৭৫টা ক্ষুদ্র তৈলক্ষেত্রত ২৩০ মিলিয়ন টন খাৰুৱা তেল–প্রাকৃতিক গেছ উৎপাদনৰ সম্ভাৱনা আছে৷ তৎসত্ত্বেও কেন্দ্রীয় চৰকাৰে এই ক্ষুদ্র তৈলক্ষেত্রসমূহ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ উদ্দেশ্যে নিবিদা আহ্বান কৰিব বিচৰাটো বিবেচিত হৈছে অতি আশ্চর্যজনক ৰূপে৷ তাতোকৈ আশ্চর্যজনক কথাটো হৈছে অ’ এন জি চি আৰু অইল ইণ্ডিয়া লিমিটেডৰ দৰে চৰকাৰী প্রতিষ্ঠানে এই ক্ষুদ্র তৈলক্ষেত্রসমূহ উন্নয়নৰ ক্ষেত্রত অর্থনৈতিকভাৱে সক্ষম নহয় বুলি ক’ব খোজাটো৷ মন কৰিবলগীয়া যে কেন্দ্রীয় চৰকাৰে ইতিপূর্বেও ২০১৬ আৰু ২০১৮ চনত নিবিদাৰ জৰিয়তে ৫৪ অঞ্চলত থকা ১০১খন তৈলক্ষেত্র ব্যক্তিগতকৰণ কৰিছে৷ ক্ষুদ্র তৈলক্ষেত্রসমূহৰ উপৰি অতি শেহতীয়াকৈ কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে ‘অ’পেন একাৰেজ লাইঞ্চেছিং পলিচী বিড ৰাউণ্ড ৭’ৰ অধীনত ৮টাকৈ তৈল–গেছ ব্লকৰো নিবিদা আহ্বান কৰিছে৷ ৫খন ৰাজ্যত থকা এই ব্লককেইটাৰ মুঠ মাটিকালি হ’ল ১৫,৭৬৬ বর্গকিলোমিটাৰ৷ নিবিদা আহ্বান কৰা ব্লককেইটাৰ ভিতৰত দুটাই অসমত অৱস্থিত৷ ইয়াৰে এটাৰ মাটিকালি ২৪৪৫.৩ বর্গকিলোমিটাৰ হোৱাৰ বিপৰীতে আনটো হৈছে ১৮৪০.৮৭ বর্গকিলোমিটাৰ৷