নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয় দলং নিৰ্মাণৰ কাম ৬৫ শতাংশ সম্পূৰ্ণ

টিংকু চন্দ্ৰ দাসৰ প্ৰতিবেদনঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত নতুন বছৰলৈ উন্নয়নৰ দিশত আহিছে এক ভাল খবৰ। যোগীঘোপাত আগন্তক দুবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দুই লাইনযুক্ত দ্বিতীয়খন দলং। বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নৰনাৰায়ণ সেতুৰ সমীপত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দুই লাইন যুক্ত দ্বিতীয়খন দলং নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে।প্ৰাপ্ত তথ্য মতে, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০২২ বৰ্ষৰ ০২ ছেপ্তেম্বৰ তাৰিখে এক টুইটযোগে যোগীঘোপাত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কথা ঘোষণা কৰে। মন্ত্ৰী গৰাকীয়ে দলংখন নিৰ্মাণৰ বাবে ৭৪৬.৭৬ কোটি টকা ধাৰ্য কৰে বুলি ঘোষণা কৰিছিল। তথ্য মতে,বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কাম এছ পি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণকাৰ্য আৰম্ভ কৰে। ৪.৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ হবলগীয়া দলংখন প্ৰতিষ্ঠানটোৱে ২০২২ বৰ্ষৰ ১২ নবেম্বৰত কাম আৰম্ভ কৰে আৰু। প্ৰতিষ্ঠানটোৰ প্ৰকল্প পৰিচালক (প্ৰজেক্ট ডাইৰেক্টৰ) বিনোদ সৌনিকে জনোৱা মতে ইতিমধ্যে দলং নিৰ্মাণৰ ৬৫% শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ খুটা নিৰ্মাণৰ কাম প্ৰায় ৭০-৮০ % সম্পূৰ্ণ হৈ উঠাৰ লগতে ওপৰৰ অংশৰ কাম আৰম্ভ কৰিছে তীব্ৰ গতিত। জনা মতে, দলং নিৰ্মাণত প্ৰায় পাঁচ শতাধিক কৰ্মচাৰী দিনে নিশাই কাম কৰি আছে।২০২৬ বৰ্ষৰ শেষত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে নামনি অসমৰ যাতায়তৰ লগতে ব্যৱসায়ৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই আনিব। দলংখন নিৰ্মাণকাৰ্য সম্পন্ন হলে অসম, মেঘালয় আৰু পশ্চিম বংগৰ যোগাযোগ আৰু যাতায়তে এক নতুন দিগন্তৰ সুচনা কৰিব।

You might also like