বিশেষ বাৰ্তা, ৫ অক্টোবৰ : এক বলাৎকাৰৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে মিৰ্জাত। মিৰ্জাৰ জোনাকীপুৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। দীনেশ কলিতা নামৰ এগৰাকী ৬৫ বছৰীয়া বৃদ্ধই চলালে বলাৎকাৰৰ অপচেষ্টা। দীনেশ কলিতা নামৰ লম্পটটোৱে এগৰাকী ১০ বছৰীয়া কিশোৰীক বলাৎকাৰৰ অপচেষ্টা চলায়। ভাৰাতীয়া ঘৰৰ স্বত্বাধিকাৰী দীনেশ কলিতা নামৰ লোকজনে এই জঘন্য কাণ্ড সংঘটিত কৰে। ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ এনে কাণ্ড ম’বাইলত ৰেকৰ্ডিং কৰি ৰাখে কিশোৰীগৰাকীৰ মাতৃয়ে। ঘটনাৰ পাছতেই পলাশবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰে দীনেশ দাসক। তাৰ পিছতেই কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় মিৰ্জা চৰকাৰী চিকিৎসালয়ত।