নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশত স্থায়ী বসতি : চলিত বৰ্ষত ৬৫০০ ধনী লোকে ভাৰত এৰাৰ সম্ভাৱনা!

বিশেষ বাৰ্তা, ১৮ জুনঃ ২০২৩ চনত প্ৰায় ৬৫০০ ধনী লোকে ভাৰত এৰি যোৱাৰ সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় আৱাস আৰু নাগৰিকত্বৰ পৰামৰ্শদাতা প্ৰতিষ্ঠান হেনলি এণ্ড পাৰ্টনাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি ১০ লাখ ডলাৰতকৈ অধিক (৮.২ কোটি টকা) সম্পত্তি থকা লোকৰ সংখ্যা ভাৰতত চীনৰ পিছতে দ্বিতীয় স্থানত আছে। উল্লেখ্য যে যোৱা বছৰ ২০২২ চনত ৭৫০০ কোটিপতি ভাৰত এৰি গৈছিল। ভাৰতৰ কৰ আইন, কঠোৰ ৰেমিটেন্সৰ নিয়ম আৰু অন্যান্য কাৰণত দেশ এৰি গৈছে এইসকল ধনী লোকে । ইয়াৰ বাহিৰেও নিৰাপত্তা, জলবায়ু পৰিৱৰ্তন আনকি ক্ৰিপ্টোৰ ওপৰত চৰকাৰী নিয়মৰ বাহিৰেও আন কাৰণ থাকিব পাৰে। ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি চীনৰ পৰা কোটিপতি বিদেশলৈ গ’লে চীনৰ ১৩,৫০০ এইচ এন আই (High Networth Individuals) লোকচান হ’ব। প্ৰতিবেদন অনুসৰি, “চীনে ব্যাপক পৰিমাণৰ ধনী লোকৰ ক্ষতি অব্যাহত ৰাখিছে।” যোৱা কেইবছৰমানৰ পৰা ধনৰ বৃদ্ধিৰ গতি লেহেমীয়া হৈছে। ইয়াৰ বাবে ধনী লোকে দেশ এৰি যোৱাটোৱে পূৰ্বতকৈ অধিক ক্ষতি কৰিব। চীনৰ হুৱেই কোম্পানী আমেৰিকা, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ দৰে বৃহৎ বজাৰত নিষিদ্ধ। ইয়াৰ গভীৰ প্ৰভাৱ পৰিব পাৰে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি বিশেষজ্ঞসকলে কয় যে দেশ এৰি যোৱা ভাৰতীয় কোটিপতিৰ অধিকাংশই ডুবাই, ছিংগাপুৰৰ দৰে দেশলৈ যাব পাৰে। বিজনেছ ষ্টেণ্ডাৰ্ডৰ মতে, ডুবাইৰ ‘গোল্ডেন ভিছা প্ৰগ্ৰেম’, ইয়াৰ কৰ আইন আৰু ব্যৱসায়িক ব্যৱস্থা ভাৰতৰ ধনী লোকসকলৰ মাজত প্ৰিয়। ফৰ্বছৰ তথ্য অনুসৰি পৰ্তুগাল ভাৰতীয় ধনীসকলৰ বাবে শেহতীয়াকৈ জনপ্ৰিয় গন্তব্যস্থান আছিল। ফৰ্বছে প্ৰকাশ কৰা অনুসৰি, “চিংগাপুৰ, ছুইজাৰলেণ্ড আৰু ইউ এ ইয়ে কেৱল বাসস্থানৰ বাবেই নহয়, সম্পদ সংৰক্ষণৰ বাবেও নিজৰ সুনাম গঢ়ি তুলিছে। এই দেশসমূহে নিজকে অতি আকৰ্ষণীয় ব্যৱসায়িক কেন্দ্ৰ হিচাপেও প্ৰতিষ্ঠা কৰিছে।” বিজনেছ টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যিবোৰ দেশত এইচ এন আইৰ আগমন দেখা যায়, সেইবোৰ দেশত প্ৰায় সদায় প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ৰ জৰিয়তে নাগৰিকত্বৰ অনুমতি দিয়া হয়। প্ৰতিবেদন মতে “এই প্ৰব্ৰজন বিশেষভাৱে চিন্তনীয় নহয়, কিয়নো ভাৰতে প্ৰব্ৰজন কৰাতকৈ বহু বেছি নতুন কোটিপতি উৎপাদন কৰে। ২০২১ চনৰ ডিচেম্বৰ মাহত লোকসভাত গৃহ মন্ত্ৰালয়ৰ তথ্য দাখিল কৰা তথ্য অনুসৰি ২০১৫ চনৰ পৰা বিভিন্ন কাৰণত ৮,৮১,২৫৪ জন ভাৰতীয়ই দেশ এৰি থৈ গৈছে। অৰ্থাৎ যোৱা বছৰবোৰৰ পৰা প্ৰতিদিনে ৩৪৫জন লোকে দেশ এৰি গৈছে। বিভিন্ন কাৰণত বহু বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি অহা এই প্ৰব্ৰজনকাৰীসকলৰ মাজতো এইচ এন আই অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে যুক্তৰাজ্য, ৰাছিয়া, ব্ৰাজিলৰ দৰে দেশতো ধনী লোকৰ পলায়নৰ সন্মুখীন হৈছে। যুক্তৰাজ্যত ৩২০০, ৰাছিয়াত ৩০০০ আৰু ব্ৰাজিলত ১২০০ জন লোকে দেশ এৰি যোৱাৰ সম্ভাৱনা আছে। এই বছৰো ব্ৰিটেইনৰ পৰা বৃহৎসংখ্যক প্ৰব্ৰজন হ’ব, কাৰণ যোৱা বছৰ তাৰ পৰা ১৬০০ ধনী লোকে গৈ আন কোনোবা দেশত বসতি স্থাপন কৰিছিল।

You might also like