নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত ৬৫সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : নামনি অসমৰ ঐতিহ্যমণ্ডিত বিলাসীপাৰা ৰাস মহোৎসৱ উদযাপনৰ বাবে বিলাসীপাৰাবাসী সাজু হৈ উঠিছে। শৰতৰ পূৰ্ণিমা তিথিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক কেন্দ্ৰ কৰি প্ৰতিটো বৰ্ষতে বিলাসীপাৰাৰ বাকৰি যেন সকলো ধৰ্মাৱলম্বী লোকৰ মহামিলনৰ পুণ্যভূমিত পৰিণত হৈ আহিছে। এইবেলিও মহাপ্ৰভুৰ ৰাস মহোৎসৱক এক অনন্য মাত্ৰা দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলিছে। তাৰে অংশ হিচাপে স্থানীয় আই এন এ খেলপথাৰত সম্পূৰ্ণ মাংগলিকতাৰে ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। অনুষ্ঠানৰ পাতনিতে অঞ্চলটোৰ জীয়ৰী-বোৱাৰীয়ে ৰাস মহোৎসৱৰ বাকৰিৰ পৰা হাতে হাতে মাটিৰ কলহ লৈ  চহৰখনৰ মূল পথেৰে  ঢাক-ঢোল, উৰুলিৰে শোভাযাত্ৰা কৰি ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰত উপস্থিত হয়। মন্দিৰটোৰ প্ৰাংগণত থকা কুঁৱাৰ পৰা পানী সংগ্ৰহ কৰি পুনৰ শোভাযাত্ৰাকাৰীসকলে ৰাস মহোৎসৱৰ বাকৰিত উপস্থিত হয়। জীয়ৰী-বোৱাৰীয়ে সংগ্ৰহ কৰা পবিত্ৰ পানী, বৈদিক মন্ত্ৰোচ্চাৰণেৰে  লাইখুঁটা শোধন কৰা হয়। ইয়াৰ পিছতে সমিতি দুখনৰ বিষয়ববীয়া আৰু উপস্থিত ৰাইজে ঢাক-ঢোলৰ শব্দ, উৰুলি, মন্ত্ৰোচ্চাৰণৰে লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানৰ অন্তত মূল সমিতিৰ সভাপতি ড° সিংহীয়ে কয় যে এইবাৰ ৬৫ সংখ্যক ৰাস মহোৎসৱ বৰ্ণাঢ্য ১৬ দিনীয়া কাৰ্যসূচীৰে উদযাপনৰ যাৱতীয় প্ৰস্তুতি লোৱা হৈছে। ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস পূজা আৰু মহত্ত্ব পৰিৱেশন কৰাৰ লগতে বিশেষকৈ ৰাস-চক্ৰ, আটকধুনীয়া মৃন্ময় মূৰ্তি, ৰং-বিৰঙী পোহৰৰ কাৰিকৰী সজ্জা, বিভিন্ন আকৰ্ষণীয় বিপণী, মীনা বজাৰ, সাংস্কৃতিক সন্ধিয়াৰ লগতে আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like