নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক দলৰ আয়ৰ ৬৯%ই অজ্ঞাত উৎসৰ

🔹 ছুপ্রিম ক’ৰ্টৰ সাংবিধানিক বিচাৰপীঠত কেন্দ্রৰ তথ্য

বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : পাঁচ ৰাজ্যৰ সমাগত বিধানসভা আৰু লোকসভা নির্বাচনক কেন্দ্র কৰি দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত এটা গুৰুত্বপূর্ণ তথ্য দাঙি ধৰিছে৷ ৰাজনৈতিক বৰঙণি–নির্বাচনী বণ্ড আঁচনিক নিয়ন্ত্রণলৈ অনা সম্পর্কীয় এটা গোচৰৰ বিপৰীতে কেন্দ্রীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ৰ মজিয়াত প্রকাশ কৰা অনুসৰি ২০০৪–০৫ৰ পৰা ২০১৪–১৫ বিত্তীয় বর্ষলৈ এই ১১ বছৰত ৰাজনৈতিক দলসমূহৰ মুঠ আয়ৰ ৬৯ শতাংশৰেই উৎস অজ্ঞাত৷ লক্ষণীয়ভাৱে উচ্চতম ন্যায়ালয়ত গুচৰীয়া পক্ষ এছ’চিয়েচন ফৰ ডেমক্রেটিক ৰিফর্মছ (এডিআৰ) নামৰ সংস্থাটোৱে ২০১৮ চনত যুগুত কৰা এখন প্রতিবেদনৰ আধাৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই সম্পর্কীয় পৰিসংখ্যা দাঙি ধৰে৷ উক্ত সময়ছোৱাত ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহৰ অজ্ঞাত উৎসৰ পৰা ৬,৬১২.৪২ কোটি টকা আয় হোৱাৰ বিপৰীতে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ক্ষেত্রত এই পৰিমাণ আছিল ১,২২০.৫৬ কোটি টকা৷ উল্লেখ্য যে মুখ্য ন্যায়াধীশ চন্দ্রচূড় নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠখনে বিগত তিনি দিন ধৰি একেৰাহে গোচৰটোৰ শুনানি গ্রহণ কৰে৷ পৰহি শুনানিৰ অন্তত ৰায়দান সংৰক্ষিত ৰাখিলেও সাংবিধানিক বিচাৰপীঠখনে ৰাজনৈতিক দলে লাভ কৰা নির্বাচনী ব’ণ্ড সন্দর্ভত এটা গুৰুত্বপূর্ণ নির্দেশ দিয়ে নির্বাচন আয়োগক৷ নির্দেশনা অনুসৰি নির্বাচন আয়োগে অহা দুসপ্তাহত বন্ধ খামৰ ভিতৰত প্রতিটো ৰাজনৈতিক দলৰ নির্বাচনী ব’ণ্ডৰ হিচাপ উচ্চতম ন্যায়ালয়ত দাখিল কৰিব লাগিব৷ ইয়াৰ বাবে সময়সীমা ধার্য কৰি দিয়া হৈছে চলিত বর্ষৰ ৩০ ছেপ্টেম্বৰ৷ অর্থাৎ যোৱা ৩০ ছেপ্টেম্বৰ পর্যন্ত ৰাজনৈতিক দলসমূহে নির্বাচনী ব’ণ্ডৰ জৰিয়তে কিমান পৰিমাণৰ ধন লাভ কৰিছে তাৰ সমুদায় তথ্য উচ্চতম ন্যায়ালয়ত দিব লাগিব নির্বাচন আয়োগে৷ লগতে নির্বাচনী ব’ণ্ড সংক্রান্তীয় যিবোৰ ত্রুটি আছে সকলো আঁতৰাই এক বিশ্বাসযোগ্য আৰু স্বচ্ছ প্রক্রিয়া প্রস্তুত কৰাৰ বাবেও সাংবিধানিক বিচাৰপীঠখনে কেন্দ্রীয় চৰকাৰক নির্দেশ দিছে৷ শুনানিৰ সময়ত নির্বাচন আয়োগৰ অধিবক্তা অমিত শর্মাই ন্যায়ালয়ৰ মজিয়াত অস্বস্তিত পৰিবলগীয়া হয়৷ ইয়াৰ মূলতে বর্তমান পর্যন্ত কোন কোন ৰাজনৈতিক দলে নির্বাচনী ব’ণ্ডযোগে ধন লাভ কৰিছে তাৰ সম্পূর্ণ তথ্য দাখিলত নির্বাচন আয়োগৰ ব্যর্থতা৷ অৱশ্যে অধিবক্তা অমিত শর্মাই এই প্রসংগত ৪ বছৰ পূর্বে ২০১৯ চনত উচ্চতম ন্যায়ালয়ে জাৰি কৰা অন্তর্ৱর্তীকালীন নির্দেশনাৰ প্রসংগ অৱতাৰণা কৰে৷ তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ পূর্বৰ নির্দেশনা কেৱল ২০১৯ চনৰ বাবেহে কার্যকৰী হ’ব বুলি নির্বাচন আয়োগে ভাবিছিল৷ ইয়াৰ বিপৰীতে সাংবিধানিক বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে তেতিয়াই প্রতিটো ৰাজনৈতিক দলৰ নির্বাচনী ব’ণ্ড সংক্রান্তীয় হিচাপ নির্বাচন আয়োগৰ হাতত বন্ধ খামত জমা দিবলৈ কোৱা হৈছে৷ এতিয়া যোৱা ৩০ ছেপ্টেম্বৰ পর্যন্ত জমা হোৱা বন্ধ খামসমূহ অহা দুসপ্তাহৰ ভিতৰত নির্বাচন আয়োগে ন্যায়ালয়ত জমা দিব লাগিব৷ কেন্দ্রীয় চৰকাৰক প্রতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰো এই সন্দর্ভত মতামত গ্রহণ কৰে মুখ্য ন্যায়াধীশ চন্দ্রচূড়, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্রক লৈ গঠিত সাংবিধানিক বিচাৰপীঠখনে৷ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয় যে নির্বাচনী ব’ণ্ড প্রক্রিয়াটো ত্রুটিমুক্ত নহয়৷ সেয়েহে এনেধৰণৰ এটা পদ্ধতি প্রস্তুত কৰা উচিত, যাৰ জৰিয়তে সমগ্র বিষয়টো স্বচ্ছ আৰু বিশ্বাসযোগ্য হ’ব৷ এইক্ষেত্রত ন্যায়ালয়ে কোনোধৰণৰ হস্তক্ষেপ নকৰে৷ কিয়নো, এয়া সম্পূর্ণৰূপে বিধায়িনী আৰু চৰকাৰী বিষয়৷ বিকল্প ব্যৱস্থা প্রস্তুত কৰাৰ ক্ষেত্রত মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে পাঁচটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ এই বিষয়কেইটা হ’ল– নির্বাচনী ব্যৱস্থাত নগদ ধনৰ অনুদানৰ পৰিমাণ হ্রাস কৰা, স্বীকৃত বেংকিং চেনেলৰ ব্যৱহাৰ বৃদ্ধি, বেংকিং চেনেল ব্যৱহাৰৰ ক্ষেত্রত উৎসাহ ভাট্টাৰ ব্যৱস্থা, স্বচ্ছতাক প্রাধান্য আৰু শাসকীয় দলক বৰঙণি দিয়াৰ বিনিময়ত সুবিধা আদায়ে যাতে মান্যতা লাভ নকৰে৷ মন কৰিবলগীয়া যে ৰাজনৈতিক দলসমূহে লাভ কৰা আর্থিক বৰঙণিৰ উৎস সম্পর্কে ভোটাৰে জনাৰ অধিকাৰ নাই বুলি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৰা দাবী কার্যতঃ মানি নল’লে সাংবিধানিক বিচাৰপীঠখনে৷ এই প্রসংগত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ ভাষ্য আছিল এনেধৰণৰ– বর্তমান ব্যৱস্থাত বৰঙণিদাতা আৰু বৰঙণিপ্রাপ্ত ৰাজনৈতিক দল উভয়ে দিয়া–লোৱাৰ বিষয়ে অৱগত৷ সকলো ৰাজহুৱা কৰি দিলে বৰঙণিদাতাৰ গোপনীয়তা নষ্ট হ’ব৷ আনকি ক্ষতিগ্রস্তও হ’ব পাৰে৷ ইয়াৰ বিপৰীতে সাংবিধানিক বিচাৰপীঠখনৰ অন্যতম সদস্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কয় যে কেৱল ভোটাৰেই নাজানিব, সেইটো মানি লোৱাটো কিছু কঠিন৷ সকলোবোৰ ৰাজহুৱা কৰি দিয়া হোৱা নাই কিয়? এইক্ষেত্রত ন্যায়াধীশ বি আৰ গাভায়ো প্রশ্ণ উত্থাপন কৰে– ভোটাৰসকলৰ জনাৰ অধিকাৰ ক’লৈ গ’ল? স্মর্তব্য যে ২০১৮ চনত এডিআৰে প্রস্তুত কৰা প্রতিবেদনখনত উল্লেখ থকা অনুসৰি অজ্ঞাত উৎসসমূহে আয়কৰ দিয়াৰ সময়ত তেওঁলোকৰ উপার্জনৰ বিষয়ে প্রকাশ কৰে৷ কিন্তু ২০ হাজাৰ টকাৰ তলত বৰঙণি আগবঢ়োৱাসকলে নিজে প্রকাশ নকৰিলে উপার্জনৰ উৎসৰ বিষয়ে জনাটো সম্ভৱ নহয়৷ এনেধৰণৰ স্বেচ্ছামূলক বৰঙণি দাতাসকলৰ বিৱৰণ উপলব্ধ নহয় ৰাজহুৱাভাৱে৷ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই প্রসংগত ন্যায়ালয়ৰ মজিয়াত কয় যে ২০ হাজাৰ টকাৰ তলত বৰঙণি একাধিক দাতাৰ পৰা ৰাজনৈতিক দলসমূহে ল’ব পাৰে৷ যিটো পৰে অজ্ঞাত উৎসৰ অধীনত৷ তদুপৰি সেই সময়ত ২০ হাজাৰ টকাৰ তলত বৰঙণি আগবঢ়োৱাসকলৰ পৰিচয় ৰাজনৈতিক দলসমূহে প্রকাশ কৰাটো প্রয়োজন নাছিল৷ তথ্য মতে ২০০৪–০৫ৰ পৰা ২০১৪–১৫ বিত্তীয় বর্ষৰ ভিতৰত প্রতিটো ৰাজনৈতিক দলে অজ্ঞাত উৎসৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰিছিল৷ কংগ্রেছে এই সময়ছোৱাত সর্বাধিক অজ্ঞাত উৎসৰ পৰা ৩,৩২৩.৩৯ কোটি টকা বৰঙণি লয়৷ যিটো মুঠ আয়ৰ আছিল ৮৩ শতাংশ৷ সেইদৰে বিজেপিয়ে মুঠ আয়ৰ ৬৫ শতাংশ হাৰে অজ্ঞাত উৎসৰ পৰা ২,১২৫.৯১ কোটি টকা, সমাজবাদী পার্টীয়ে ৯৪ শতাংশ হাৰে ৭৬৬.২৭ কোটি টকা আৰু শিৰোমণি আকালী দলে ৮৬ শতাংশ হাৰে ৮৮.০৬ কোটি টকা অজ্ঞাত উৎসৰ পৰা বৰঙণি সংগ্রহ কৰে৷ এই সময়ছোৱাত ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহৰ অজ্ঞাত উৎসৰ পৰা আয় ৩১৩ শতাংশ পর্যন্ত বৃদ্ধি হৈছিল৷ অর্থাৎ ২০০৪–০৫ বিত্তীয় বর্ষত ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহৰ অজ্ঞাত উৎসৰ পৰা পোৱা ধনৰ পৰিমাণ ২৭৪.১৩ কোটি টকা আছিল যদিও ২০১৪–১৫ বিত্তীয় বর্ষত ইয়াৰ পৰিমাণ হয়গৈ ১,১৩০.৯২ কোটি টকা৷ সেইদৰে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ এই সময়ছোৱাত অজ্ঞাত উৎসৰ পৰা সংগৃহীত ধনৰ পৰিমাণ ৬৫২ শতাংশ বৃদ্ধি হৈছে৷ ২০০৪–০৫ বিত্তীয় বর্ষত আঞ্চলিক ৰাজনৈতিক দলসমূহে অজ্ঞাত উৎসৰ পৰা ৩৭.৩৯ কোটি টকা সংগ্রহ কৰিছিল যদিও ২০১৪–১৫ বিত্তীয় বর্ষত এই পৰিমাণ বৃদ্ধি হৈ হৈছিল ২৮১.০১ কোটি টকা৷ এনেদৰে ৰাষ্ট্রীয়–আঞ্চলিক ৰাজনৈতিক দলসমূহৰ অজ্ঞাত উৎসৰ পৰা সংগৃহীত ধনৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাই গৈ আছে যদিও সেই বিষয়ে সর্বসাধাৰণ ভোটাৰ ৰাইজ অৱগত নহয়৷ এতিয়া সমগ্র বিষয়টো দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মজিয়াত বিচাৰাধীন হৈ আছে৷ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূর্ণ বিষয়টোত কেনেধৰণৰ চূড়ান্ত ৰায় দিয়ে, সেয়া লক্ষণীয় হ’ব৷

You might also like