নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচন আয়োগৰ ওচৰলৈ গৈ ভোটগণনাৰ প্ৰসংগত মহাজোঁটে দিলে ৭টা পইণ্ট

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছকে ধৰি মহাজোঁটৰ অংশীদাৰী দলসমূহ। আজি এই সম্পৰ্কে জানিবলৈ দিয়ে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। ৰাজ্যিক নিৰ্বাচন আয়োগক মহাজোঁটে আগন্তুক ২ মে’ত হ’বলগীয়া ভোটগণনাৰ ক্ষেত্ৰত ৭টা বিষয় কাৰ্যকৰীকৰণৰ বাবে আহ্বান জনায় এক স্মাৰকপত্ৰ প্ৰদান কৰে। নিৰ্বাচন আয়োগৰ ওচৰত মহাজোঁটে নিম্নোক্ত বিষয়সমূহ কাৰ্যকৰীকৰণৰ বাবে আহ্বান জনায়-

  • প্ৰতিজন ৰিটাৰ্নিং বিষয়াই তেওঁৰ অধীনত পৰা ভোটগণনা কেন্দ্ৰত ভোটগণনাৰ টেবুলত নিৱিষ্ট চৰকাৰী কৰ্মচাৰীৰ নাম তালিকা সমষ্টিৰ প্ৰাৰ্থীক জনাব লাগে।
  • উপায়ুক্ত, মহকুমাধিপতি আৰু ৰিটাৰ্নিং বিষয়াক ষ্ট্ৰংৰুমৰ পৰা ইভিএম উলিয়াই ভোটকেন্দ্ৰলৈ অনালৈ সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিব লাগে।
  • ভোটগণনা চলি থকা প্ৰতিখন টেবুলৰ ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিব লাগে।
  • ষ্ট্ৰংৰুমৰ পৰা ইভিএম উলিয়াই অনাৰ সময়ত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে প্ৰক্ষেপ কৰা এগৰাকীকৈ প্ৰতিনিধিক পৰিদৰ্শনৰ অনুমতি প্ৰদান কৰা।
  • ইভিএমৰ বাহিৰৰ ভোট যেনে পোষ্টেল বেলট, এবচেণ্টি ভোট, ইলেকচন চাৰ্টিফিকেটৰ ভোটগণনা ইভিএমৰ ভোটগণনাৰ আগেয়ে কৰিব লাগে।
  • ৰিটাৰ্নিং বিষয়াই প্ৰতিগৰাকী নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীকে পোষ্টেল বেলট, এবচেণ্টি ভোট আৰু ইলেকচন চাৰ্টিফিকেটৰ পৰিমাণ আৰু সংগৃহিত ভোটৰ সবিশেষ তথ্য জনাব লাগে।
  • ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰথমটো ৰাউণ্ড শেষ হোৱাৰ পিছত ইয়াক ৰেকৰ্ডিং তথা ফলাফল ঘোষণা সম্পূৰ্ণ হোৱাৰ পিছতহে ভোটগণনাৰ দ্বিতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।

উল্লেখ্য, ২ মে’ত অসম বিধান সভাৰ নিৰ্বাচনী ফলাফলক লৈ সকলোৱে অধীৰ অপেক্ষাত ৰৈ আছে। এনে সময়তে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ইভিএমৰ সুৰক্ষা তথা নিকা ভোটগণনাক লৈ সজাগ হৈ থকা পৰিলক্ষিত হৈছে।

You might also like