নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইকত ৩জন উঠা বাবে আৰক্ষীয়ে বিহিছিল জৰিমনা, এঘণ্টা পিছত তিনিজনৰেই মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ বাইকত তিনিগৰাকী আৰোহী উঠাৰ বাবে যানবাহন আৰক্ষীয়ে চালান কটাৰ এঘণ্টা পিছতে মৃত্যুবৰণ কৰে বাইক আৰোহী কেউগৰাকী যুৱকে।

কিছুদিন আগেয়ে অৰ্থাত যোৱা দেওবাৰে ঘটা ঘটনাটো ৰাজস্থানৰ। বাতৰি সংস্থা আজ টকৰ মতে, ৰাজস্থানৰ বাৰমেৰ জিলা চহৰত দেওবাৰে সন্ধিয়া ৫.৪০ বজাত বাইকত তিনিজনকৈ আৰোহী উঠা বাবে চালান কাটে আৰক্ষীয়ে। ইয়াৰ পিছত প্ৰায় ১৫ কিলোমিটাৰ দূৰৰ ৬৮নং ৰাষ্ট্ৰীয় ঘাইপথত আটাইকেইজন যুৱককে পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

বাইকত উঠা যুৱককেইজন আছিল মোটাৰাম মেঘৱাল, হাদমানৰাম মেঘলৱাল আৰু জবৰা ৰাম। তিনিওগৰাকীয়ে গাঁওৰ পৰা জিলা চহৰলৈ কোনো কামৰ বাবে আহিছিল আৰু ঘৰমুখে গৈ থকা অৱস্থাত মৃত্যুমুখত পৰে।

ঠাইতে নিহত যুৱককেইজনৰ চালান কটা আৰক্ষীয়ে ঘটনাটো জানিব পাৰি চকিত হৈ উঠে। কিয়নো যিটো কাৰণত তেওঁলোকক জৰিমনা বিহা হৈছিল, সেই কাৰণতে তেওঁলোকে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুবৰণ কৰিব লগা হয়।

You might also like