নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ যোৱা ৩১ জুলাই পর্যন্ত বিদেশী ন্যায়াধিকৰণে মুঠ ১,৩৬,১৪৯গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰিছে৷ ইয়াৰে ২০১৩ চনৰ ১৩ মার্চৰ পৰা যোৱা ৩১ জুলাইলৈকে বিগত ৭ বছৰত ২২৭গৰাকী বিদেশীক বহিষ্কাৰ কৰিছে৷ সোমবাৰে সদনত অসম চুক্তি ৰূপায়ণ সম্পর্কত বিধায়ক ৰূপজ্যোতি কুর্মীৰ এটা প্রশ্ণৰ উত্তৰত এই তথ্য সদৰী কৰে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ক্ষেত্রত বর্তমানৰ চৰকাৰৰ সদিচ্ছাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্রত চৰকাৰ প্রতিশ্রুতিবদ্ধ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত বর্তমানৰ চৰকাৰে অসম চুক্তিৰ প্রতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিব৷ এতিয়ালৈ চিনাক্ত হোৱা ১,৩৬,১৪৯গৰাকী বিদেশীৰ বিপৰীতে মাত্র ২২৭গৰাকী বহিষ্কাৰ কৰা সম্পর্কত তেওঁ কয় যে বিদেশী বুলি জাননী লাভ কৰা এজন লোকে বিদেশী ন্যায়াধিকৰণ, পৰৱর্তী পর্যায়ত উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়লৈও যাব পাৰে৷ এই প্রসংগতে তেওঁ আৰু কয় যে ‘কা’ৰ জৰিয়তে ৰাজ্যখনত লাখ লাখ বাংলাদেশী আহিব বুলি বহুতে কৈ আহিছে৷ কিন্তু অসমৰ ২৬ হাজাৰ গাঁৱত কিমান বাংলাদেশীক চৰকাৰে সংস্থাপিত কৰিলে, কোনোবাই ক’ব পাৰিব নেকি বুলিও তেওঁ প্রত্যাহ্বান জনায়৷ বিদেশীৰ অনুপ্রৱেশ ৰোধৰ বাবে সোণোৱাল চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ সদনত সদৰী কৰে৷ ইপিনে, বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ এটা লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী পাটোৱাৰীয়ে সন্দেহযুক্ত লোকৰ সংজ্ঞা দাঙি ধৰি কয় যে অসমৰ জিলা সীমান্ত আৰক্ষী বিভাগে সন্দেহযুক্ত এলেকাত স্থানীয়ভাৱে জৰিপ চলাওঁতে যিসকল ব্যক্তিৰ নাগৰিকত্বৰ ওপৰত সন্দেহ হয়, তেওঁলোকক নাগৰিকত্ব প্রমাণৰ কাৰণে যাৱতীয় নথিপত্র দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ যদি তেনে নথিপত্র সেই ব্যক্তিয়ে দাখিল কৰিব নোৱাৰে অথবা দাখিল কৰা নথিপত্র নাগৰিকত্ব প্রমাণৰ বাবে যথেষ্ট নহয়, তেতিয়া বিষয়টো বিদেশী ন্যায়াধিকৰণত বিচাৰ আৰু সিদ্ধান্তৰ কাৰণে জিলাৰ আৰক্ষী অধীক্ষকে প্রেৰণ কৰে৷ বিদেশী ন্যায়াধিকৰণে ব্যক্তিজন ভাৰতীয় নে বিদেশী, সেই সিদ্ধান্ত নিদিয়া পর্যন্ত ব্যক্তিজন সন্দেহযুক্ত নাগৰিক হৈ থাকে৷ বর্তমান ৰাজ্যখনত ১,৭৯,৫৬৬ গৰাকী সন্দেহযুক্ত নাগৰিক থকাৰ বিষয়ে উনুকিয়াই কয় যে বিদেশী ন্যায়াধিকৰণত বর্তমান ৮৩,০০৮টা ‘ডি’ ভোটাৰৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ সেইদৰে ‘ডি’ ভোটাৰ বহির্ভূত ৬৪,১১৫টা গোচৰ বিদেশী ন্যায়াধিকৰণত গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে৷ অনুৰূপ ধৰণে ‘ডি’ ভোটাৰৰ আন ৩২,৪৪৩টা গোচৰো নিষ্পত্তি নোহোৱাকৈ আছে৷ সদনত তেওঁ আৰু কয় যে শোণিতপুৰ জিলা প্রশাসনে জামুগুৰি থানাৰ অন্তর্গত চকীঘাট, দীঘলীচাপৰি, ননকে গটাইমাৰী, ললেটাপু, গোৱালচাপৰি, পানপুৰ ঘাট আৰু কাৰজান চাপৰি এলেকাৰ পৰা উচ্ছেদ কৰা ৪২৬টা পৰিয়াল ভাৰতীয় নে বিদেশী সেই সম্পর্কত জৰীপ অব্যাহত আছে বুলি জানিবলৈ দি তেওঁ কয় যে উচ্ছেদিত লোকসকল বিভিন্ন স্থানৰ পৰা আহি অবৈধভাৱে বসবাস কৰি আছিল৷ অৱশ্যে উচ্ছেদ হোৱাৰ পিছত তেওঁলোকৰ অৱস্থিতি চৰকাৰে নাজানে৷ আনহাতে আজি সদনত বিধায়ক শ্বেৰমান আলী আহমেদ আৰু নুৰুল হুদাই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হাতত বন্দুক লৈ উচ্ছেদ অভিযানত অংশগ্রহণ কৰাৰ প্রসংগ উত্থাপন কৰে৷ ইয়াৰ উত্তৰ দি পদ্ম হাজৰিকাই সদনত কয় যে এজন বিধায়কে নিৰাপত্তাৰ বাবে অনুজ্ঞাপত্র থকা বন্দুক লোৱাটো কোনো অপৰাধ হ’ব নোৱাৰে৷ চৰকাৰৰ কোনো স্বীকৃতি নোহোৱাকৈ কোনোবাই জধে–মধে মাটি দখল কৰিব, উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি উচ্ছেদ চলাবলৈ যোৱা চক্র বিষয়া, আৰক্ষী বিষয়াক আক্রমণ কৰিব, খিলঞ্জীয়াৰ ওপৰত আক্রমণ চলাব আৰু তেনে পৰিস্থিতিত অসমীয়াই হাত সাবটি বহি থাকিব নেকি বুলিও তেওঁ প্রশ্ণ কৰে৷