নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপ্রিম ক’টত ১ টকা জৰিমনা প্রশান্ত ভূষণৰ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ আদালত অৱমাননাৰ গোচৰৰ শাস্তি হিচাপে ১ টকা জৰিমনা ভৰিলে জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণে৷ কালি উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ গোচৰত জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণক ১ টকা জৰিমনা বিহে৷ জৰিমনা নভৰিলে বিকল্প হিচাপে ৩ মাহ কাৰাবাস অথবা ৩ বছৰ নিষিদ্ধ কৰা হ’ব বুলি ন্যায়ালয়ৰ বিচাৰপীঠে ৰায় দিয়ে৷

সর্বোচ্চ ন্যায়ালয়ে কালি পুৱা শাস্তিৰ ৰায় ঘোষণা কৰাৰ পিছতে প্রশান্ত ভূষণৰ অধিবক্তা তথা সহযোগী ৰাজীৱ ধাৱানে আদালতত ১ টকা জৰিমনা আদায় দিয়ে৷ ন্যায়ালয়ৰ এই শাস্তিৰ ৰায় আন্তৰিকতাৰে গ্রহণ কৰা বুলি প্রশান্ত ভূষণে প্রকাশ কৰিছে৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয় আৰু মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ বিৰুদ্ধে দুটা টুইট কৰাৰ বাবে প্রশান্ত ভূষণৰ বিৰুদ্ধে যোৱা ৯ জুলাইত গোচৰ ৰুজু কৰা হৈছিল আৰু ২২ জুলাইত ইয়াৰ প্রথমটো শুনানি হৈছিল৷ যোৱা ১৪ আগষ্টত আদালত অৱমাননা গোচৰত ভূষণক দোষী সাব্যস্ত কৰে আৰু দুদিনৰ ভিতৰত বিনাচর্তে ক্ষমা খুজিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ বিপৰীতে ভূষণে ক্ষমা নুখুজি ন্যায়ালয়ত পুনৰ বিবেচনাৰ পৰিপূৰক শপতনামা দাখিল কৰে৷ ভূষণে ক্ষমা নোখোজাৰ পিছত ১৬ আগষ্টত শাস্তিৰ ৰায় সংৰক্ষিত ৰাখে আৰু কালি শাস্তি ঘোষণা কৰে ন্যায়ালয়ৰ বিচাৰপীঠে৷

You might also like