৭০ লাখ ছাত্র ছাত্রীৰ বিনামূলীয়া আধাৰ পঞ্জীয়ন মুকলি
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্র–ছাত্রীসকলৰ বিনামূলীয়া আধাৰ নম্বৰ পঞ্জীয়নৰ এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ আজি প্রতিখন জিলাৰ উপায়ুক্ত আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তর্ভুক্ত স্বায়ত্তশাসিত পৰিষদৰ প্রধান সচিবে শিক্ষার্থীসকলৰ বিনামূলীয়া আধাৰ নামভর্তিকৰণ মুকলি কৰে৷ উল্লেখ্য যে ৬ৰ পৰা ১৮ বছৰ বয়সৰ সকলো ছাত্র–ছাত্রীয়ে এই সুবিধা লাভ কৰিব৷ চৰকাৰী–প্রাদেশীকৃত বিদ্যালয়, চাহ বাগিচাৰ দ্বাৰা পৰিচালিত বিদ্যালয়, আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, বিশেষ প্রশিক্ষণ কেন্দ্র, আৱাসিক বিদ্যালয়, চৰকাৰী সহায়প্রাপ্ত বিদ্যালয় (স্বীকৃতিপ্রাপ্ত), অস্বীকৃতিপ্রাপ্ত বিদ্যালয়, স্থানীয় সংস্থা বিদ্যালয়, সমাজ কল্যাণৰ অধীনত থকা বিদ্যালয়, কেন্দ্রীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয় আৰু ব্যক্তিগত বিদ্যালয়ৰ শিক্ষার্থীসকল বিনামূলীয়া আধাৰ পঞ্জীয়নৰ বাবে যোগ্য ৰূপে বিবেচিত হ’ব৷ শিক্ষা বিভাগৰ প্রধান সচিব তথা সর্বশিক্ষা অভিযান, অসমৰ সঞ্চালক বি কল্যাণ চক্রৱর্তী আৰু কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আজি গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্র–ছাত্রীৰ বাবে আধাৰ পঞ্জীয়ন কেন্দ্র এটা আনুষ্ঠানিকভাৱে মুকলি কৰে৷ এই উপলক্ষে বিদ্যালয়খনত আয়োজিত অনুষ্ঠানত শিক্ষা বিভাগৰ প্রধান সচিব চক্রৱর্তীয়ে কয় যে শিক্ষা বিভাগে ৰাজ্যখনৰ সকলো শিক্ষার্থীৰ বাবে বিনামূলীয়া আধাৰ নম্বৰ পঞ্জীয়নৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷ সেইমর্মে আজিৰে পৰা কামৰূপ (মহানগৰ) জিলাকে ধৰি ৰাজ্যখনৰ সকলো জিলাতে ছাত্র–ছাত্রীৰ বাবে সুকীয়া আধাৰ পঞ্জীয়ন কেন্দ্র স্থাপন কৰা হৈছে৷ ৰাজ্যখনৰ মুঠ প্রায় ৭০ লাখ ছাত্র–ছাত্রীৰ আধাৰ পঞ্জীয়ন কৰিবলৈ চৰকাৰে এই ব্যৱস্থা গ্রহণ কৰিছে৷ ছাত্র–ছাত্রীসকলৰ বাবে আধাৰ পঞ্জীয়ন আৰু জিৰো বেলেঞ্চ বেংক একাউণ্ট খোলাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৰ ফলত ছাত্র–ছাত্রীসকলে বিভিন্ন ধৰণে উপকৃত হ’ব বুলি তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ছাত্র–ছাত্রীৰ আধাৰ পঞ্জীয়নৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্রহণ কৰা পদক্ষেপৰ অংশ হিচাপে কামৰূপ (মহানগৰ) জিলাৰ গুৱাহাটী, ডিমৰীয়া আৰু প্রাগজ্যোতিষপুৰ শিক্ষাখণ্ডৰ অধীনত ৬টা আধাৰ পঞ্জীয়ন কেন্দ্র আজিৰে পৰা আৰম্ভ হ’ব৷ এই কেন্দ্রকেইটাৰ জৰিয়তে পর্যায়ক্রমে জিলাখনৰ বিদ্যালয়সমূহৰ প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ সকলো ছাত্র–ছাত্রীৰে আধাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰা হ’ব৷ উপায়ুক্ত পেগুৱে লগতে কয় যে কামৰূপ (মহানগৰ) জিলা প্রশাসনে ২০০ৰো অধিক আধাৰ পঞ্জীয়ন কেন্দ্র স্থাপন কৰাৰ প্রচেষ্টা চলাই আছে৷ ইয়াৰে প্রায় ১০০টা কেন্দ্রত ইতিমধ্যে আধাৰ পঞ্জীয়নৰ কাম–কাজ আৰম্ভ হৈছে৷ অহা বছৰৰ মার্চ মাহৰ ভিতৰত জিলাখনৰ সকলো নাগৰিকৰে আধাৰ পঞ্জীয়নৰ কাম সম্পূর্ণ কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ সভাত ইউ আই ডি আইৰ সহকাৰী সঞ্চালক পি চেতিয়ায়ো বক্তব্য আগবঢ়ায়৷ কামৰূপ (মহানগৰ) জিলাৰ অতিৰিক্ত উপায়ুক্ত ড০ ধ্রুৱজ্যোতি হাজৰিকা, জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদর্শক প্রসন্ন বৰা আৰু জিলা প্রাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞা, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সমন্বিতে শিক্ষক–শিক্ষয়িত্রী ছাত্র–ছাত্রীকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া অনুষ্ঠানত উপস্থিত আছিল৷