নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিত সাব্যস্ত হ’ব লাগিব অসমীয়াৰ অধিকাৰ

নলবাৰীত ২১ কোটিটকীয়া প্রকল্পৰ শিলান্যাস মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ৰাইজৰ হূদয় জয় কৰিবলৈ আমি সততাৰে কাম কৰিছেছা৷ এখন চৰকাৰে ৰাইজৰ স্বার্থত দিনে–নিশাই কাম কৰিব লাগিব৷ আমি সদায়ে ৰাইজৰ সদ্ভাৱ, আন্তৰিকতাৰে কাম কৰি আহিছেছা৷ বেয়া কাম কৰিলে ৰাইজে চৰকাৰক তিৰস্কাৰ কৰে৷ অসমীয়া জাতিক দুর্বল কৰা কোনো কাম আমি কৰা নাই৷ এটা জাতিৰ স্বাভিমান আৰু মান–সন্মান ৰক্ষা কৰিবলৈ কাম কৰিছেছা৷ আমাৰ মাটি, আমাৰ অধিকাৰ যদি সাব্যস্ত কৰিব নোৱাৰোঁ, তেন্তে কি যুক্তিত আমি নিজকে শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিব পাৰিম৷ কাৰণ মাটি–ভেটি, কৃষ্টি–সংস্কৃতিৰ প্রথম চর্তই হৈছে মাটি৷ মাটিৰ ওপৰত অসমীয়াৰ অধিকাৰ সাব্যস্ত হ’বই লাগিব৷ –এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ মুখ্যমন্ত্রী সোণোৱালে আজি নলবাৰী জিলাত কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে আন কেইবাখনো আঁচনিৰ শুভ উদ্বোধন কৰিবলৈ আহি বৰনর্দ্দীৰ ঐতিহাসিক গণেশ দেৱালয়ৰ এক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কয়– ‘আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ –এই নীতি সাৰোগত কৰি নতুন ভূমি নীতি হাতত লোৱা হৈছে আৰু এক লাখ দহ হাজাৰ খিলঞ্জীয়া ভূমিহীন লোকক মাটিৰ পট্টা প্রদান কৰা হৈছে৷ আগন্তুক সময়ত আৰু এক লাখ খিলঞ্জীয়া ভূমিহীন লোকক মাটিৰ পট্টা প্রদান কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে৷’ ১৮০১ চনতেই স্থাপিত বৰনর্দ্দী দেৱালয় চুবুৰিত শ্রীশ্রীগণেশ দেৱালয়ৰ অসম দর্শন আঁচনিৰ অধীনত নির্মিত যাত্রী জিৰণি গৃহৰ শুভ উদ্বোধন উপলক্ষে আয়োজিত উদ্বোধনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয়– ২০১৪ চনত দেশৰ প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে শপতগ্রহণ কৰিয়েই ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰাৰ পথ প্রশস্ত কৰি তোলে৷ পূর্বৰ কোনো এখন চৰকাৰে কৰিব নোৱাৰা ভাৰত–বাংলাদেশ সীমান্ত ছীল কৰাৰ লগতে ৬২ কিলোমিটাৰ দৈর্ঘ্যৰ ব্রহ্মপুত্রত সুদূৰ ইজৰাইলৰ প্রযুক্তিৰ জৰিয়তে এইখন চৰকাৰে সীমা ছীল কৰি অবৈধ বাংলাদেশীক অনুপ্রৱেশত বাধা দিছে বুলি দাবী কৰে৷ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক গৌতম ভট্টই আদৰণী ভাষণ প্রদান কৰা সভাখনত মুখ্যমন্ত্রী সোণোৱালে অসম দর্শন আঁচনিৰ অধীনত ১,৪০০টা মঠ–মন্দিৰ, দেৱালয়ৰ উন্নয়নৰ বাবে ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে বুলি দোহাৰি কয় যে যিসমূহ পৰিচালনা সমিতিয়ে এই আঁচনি সুন্দৰ ৰূপত ৰূপায়ণ কৰে, আগন্তুক সময়ত তেনে সমিতিসমূহক আকৌ ১৫ লাখ টকাকৈ আর্থিক অনুদান আগবঢ়োৱা হ’ব৷ চৰকাৰৰ কাম–কাজত চোকা দৃষ্টি ৰাখিবলৈ সাধাৰণ ৰাইজৰ লগতে সাংবাদিকসকলৰ প্রতি আহ্বান জনাই মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ৰাইজ সজাগ হৈ থাকিলেহে চৰকাৰখনেও সদায় সতর্ক হৈ থাকিব লাগিব৷ অধিবক্তা সোণাপতি শর্মা আৰু বিজেপিৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলক কুমাৰ শর্মাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে প্রদান কৰা চমু ভাষণত মুখ্যমন্ত্রীগৰাকীকহ্ তৈলমর্দন কৰা পৰিলক্ষিত হয়৷ মুখ্যমন্ত্রীক প্রশংসা কৰি চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে সর্বানন্দ সোণোৱাল অসমৰ সর্বকালৰ সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী৷ একমাত্র সর্বানন্দ সোণোৱালৰ বলিষ্ঠ নেতৃত্বৰ বাবেই অসম আগবাঢ়ি গৈছে৷ অসম তথা অসমীয়াক একমাত্র সর্বানন্দ সোণোৱালেহে সুৰক্ষা দিব পাৰিব বুলিও ব্যক্ত কৰে৷ উক্ত অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শর্মা, বৰক্ষেত্রী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাৰ অন্তত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মিজোৰাম সীমান্ত সম্পর্কে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে কেন্দ্রীয় চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু শীঘ্রেই এই সীমা সমস্যা সমাধান কৰা হ’ব আৰু মিজোৰাম চৰকাৰে তেওঁলোকৰ মানুহক ওভতাই লৈ যাব৷ উল্লেখ্য যে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি নলবাৰী জিলাত কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাখনো আঁচনিৰ শুভ উদ্বোধন কৰে৷ প্রায় ২৫ কোটি টকা ব্যয়েৰে নির্মাণ কৰিব লগা তিনিটা নতুন প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুই কোটি টকা ব্যয়েৰে নির্মাণ কৰা আন এটা প্রকল্প উদ্বোধন কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ মুখ্যমন্ত্রী সোণোৱালে আজি পুৱাৰ ভাগত স্থানীয় বিধায়ক অশোক শর্মাৰ উপস্থিতিত নলবাৰী চহৰৰ গণেশ মন্দিৰত প্রায় দহ কোটি টকা ব্যয়েৰে নির্মাণ কৰিব লগা চহৰখনত প্রৱেশ কৰিব পৰা এটা ফ’ৰলেন পথৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জিলাখনৰ বৰনর্দ্দীৰ পূজাখোলাস্থিত ৫২০ বছৰীয়া শ্রীশ্রীদুর্গা মন্দিৰ প্রাংগণত অসম দর্শন আঁচনিৰ অধীনত নৱনির্মিত ৰঙীন পকী পথ উদ্বোধন কৰে৷ ইয়াৰ পাছত দুপৰীয়া মুখ্যমন্ত্রীগৰাকীয়ে ১৮০১ চনত স্থাপিত বৰনর্দ্দী দেৱালয় চুবুৰিত শ্রীশ্রীগণেশ দেৱালয়ৰ অসম দর্শন আঁচনিৰ অধীনত নির্মিত যাত্রী জিৰণি গৃহৰ শুভ উদ্বোধন কৰে৷ এই কার্যসূচী মুকলি কৰাৰ পাছত মুখ্যমন্ত্রী সোণোৱালে পুনৰ বিধায়ক অশোক শর্মাক লগত লৈ জিলাখনৰ সৰিয়হতলীত থকা পূর্বভাৰতীৰ ভূমিত চাৰি কোটি ৩৭ লাখ টকা ব্যয়েৰে নির্মাণ কৰিব লগা এটা অত্যাধুনিক প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে সৰিয়হতলীত থকা বিজ্ঞান ভৱন সংলগ্ণ কৰি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ আর্হিত নির্মাণ কৰিব লগা কুমাৰ ভাস্কৰ বর্মা ক্ষেত্রৰো আধাৰশিলা স্থাপন কৰে৷ উক্ত ক্ষেত্রখন প্রায় ১১.৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হ’ব৷ মুখ্যমন্ত্রী সোণোৱালে ইয়াৰ পাছত নলবাৰী হৰিমন্দিৰ প্রাংগণত দুই কোটি টকা ব্যয়েৰে ইতিমধ্যে নির্মাণ কৰি উলিওৱা অতিথিশালা উদ্বোধন কৰে৷
নলবাৰীৰ গণেশ মন্দিৰ চ’কত মুখ্যমন্ত্রীক আদৰণি
কেইবাটাও কার্যসূচীৰে নলবাৰীলৈ অহা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক আজি নলবাৰী গণেশ মন্দিৰ চ’কত ভাগ্যশ্রী টাটা মটর্ছে আদৰণি জনায়৷ উল্লেখ্য যে আজি দিনৰ ১১ বজাত ৰাজ্য চৰকাৰৰ লোকনির্মাণ (পথ) বিভাগৰ ২০১৯–২০ বর্ষৰ স্ব–গ্রাধিকাৰপ্রাপ্ত শিতানৰ সাক্ষৰ প্রকল্পৰ উত্তৰণ আঁচনিৰ অনুমোদিত নলবাৰী গণেশ মন্দিৰৰ পৰা নলবাৰী হৰিমন্দিৰলৈ পথটো সম্প্রসাৰণ, সৌন্দর্যবর্ধনৰ লগতে পকী নলা নির্মাণ, শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ উন্নয়ন আৰু এখন অত্যাধুনিক প্রৱেশদ্বাৰ নির্মাণৰ শুভাৰম্ভ কৰে ভাগ্যশ্রী টাটা মটর্ছৰ কাষতে৷ অনুষ্ঠানত লোকনির্মাণ বিভাগৰ কার্যবাহী অভিযন্তা মৃদুল দাস, সহঃ অভিযন্তা জীৱনজ্যোতি শর্মাই মুখ্যমন্ত্রী সোণোৱালক আদৰণি জনায়৷ ইয়াৰ পিছতে ভাগ্যশ্রী টাটা মটর্ছৰ স্বত্বাধিকাৰী দিলীপ কুমাৰ দাস আৰু তেওঁৰ প্রতিষ্ঠানৰ কর্মকর্তাসকলে মুখ্যমন্ত্রীগৰাকীক এখন ফুলাম গামোচা, বৃহৎ জাপি এটা আৰু এখন পিতলৰ শৰাইৰে আদৰণি জনায়৷ অনুষ্ঠানত পৰিবহণ, উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু নলবাৰীৰ বিধায়ক অশোক শর্মা উপস্থিত থাকে৷

You might also like