(তৃতীয় খণ্ড)
ড০ হিমন্ত বিশ্ব শর্মা
মুখ্যমন্ত্রী, অসম
ব’হাগৰ বিহুলৈ প্রধানমন্ত্রীক আমন্ত্রণ
শ্রদ্ধাৰ ৰাইজ, আমি লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীক বিশ্ব সভালৈ লৈ যাবলৈ সক্ষম হৈছিলোঁ৷ এতিয়া আমি নতুন চিন্তা আৰম্ভ কৰিছোঁ৷ অহা ১৪ এপ্রিলত ব’হাগ বিহুক কেন্দ্র কৰি আমি এক ডাঙৰ সামাজিক উৎসৱ পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ৷ ১৪ এপ্রিলৰ দিনা অসমৰ ১০ৰ পৰা ১৫ হাজাৰ ঢুলীয়া আৰু নাচনীয়ে একেলগে বিহুগীত পৰিৱেশন কৰি আমাৰ অসমৰ বাপতিসাহোন ব’হাগ বিহুৰ সেই পৰম পৱিত্র দৃশ্যক আমি গীনিজ ৱর্ল্ড ৰেকর্ডত সন্নিৱিষ্ট কৰিবলৈ প্রচেষ্টা আৰম্ভ কৰিছেছা৷ আমাৰ বাবে গৌৰৱৰ বিষয় এই যে এই বছৰৰ ১৪ এপ্রিলত অসমে যেতিয়া ব’হাগ বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে সংকল্প গ্রহণ কৰিব, সেই দিনটোত প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই অসমবাসীৰ সৈতে এই অনুষ্ঠানৰ সাক্ষী হৈ থকাৰ বাবে আমাক প্রতিশ্রুতি দিছে৷ মই বিশ্বাস কৰোঁ, তেখেতৰ উপস্থিতিয়ে আমাৰ মৰমৰ বিহুটিক বিশ্বৰ বৰসভালৈ লৈ যোৱাত যথেষ্ট সহায় কৰিব৷
অৰুণোদয়
ভূমি অধিকাৰৰ সমান্তৰালভাৱে আমি দৰিদ্র লোকৰ বাবে খাদ্য, বস্ত্র আৰু অন্নৰ ব্যৱস্থা কৰিবলৈ সংকল্প লৈছিলোঁ৷ অসম চৰকাৰে ২০২৩ চনত দৰিদ্রতা নির্মূলৰ বাবে কেইবাখনো শক্তিশালী আঁচনি গ্রহণ কৰাৰ বাবে সিদ্ধান্ত কৰিছে৷ ৰাজ্যৰ ধ্বজাবাহী আঁচনি অৰুণোদয়ক আমি সম্প্রসাৰণ কৰি দুখীয়া, বিধৱা মহিলাৰ সমান্তৰালভাৱে চেৰিব্রেল পালচী, থেলাচেমিয়া, হিম’ফিলিয়া, কুষ্ঠৰোগ, অ’টিজিম স্পেকড্রম ডিজর্ডাৰত আক্রান্ত হোৱা লোকৰ পৰিয়ালকো এই আঁচনিৰ হিতাধিকাৰী ৰূপে সামৰি ল’বলৈ সিদ্ধান্ত লৈছোঁ৷ সমান্তৰালভাৱে এই অৰুণোদয় আঁচনিত বর্তমানৰ ১৯ লাখৰ লগত আৰু ৮ লাখ মহিলাক সন্নিৱিষ্ট কৰি মুঠ ২৭ লাখ মহিলাক সামৰি আঁচনিখন ভাৰতৰ ভিতৰতে এক শক্তিশালী দৰিদ্র কল্যাণ আঁচনি হিচাপে প্রতিষ্ঠা কৰিব খুজিছোঁ৷
আজি ত্রিৰংগ পতাকাৰ তলত থিয় হৈ মই আৰু এটা নতুন কথা ক’ব খুজিছোঁ৷ এই বছৰৰ ১ এপ্রিলৰ পৰা আমাৰ ৰাজ্য চৰকাৰে অসমৰ বিধৱা মহিলাক প্রদান কৰি অহা মাহিলি ৩০০ টকাৰ বিধৱা পেন্সনক প্রতিমাহে ১,২৫০ টকালৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷ দীনদয়াল দিব্যাংগজন আঁচনিৰ সৈতে জডিত ১ লাখ ৩০ হাজাৰ ব্যক্তিকো মাহে ১,০০০ টকাৰ পৰিৱর্তে মাহে ১,২৫০ টকাকৈ দিয়াৰ বাবে অৰুণোদয় আঁচনিত সন্নিৱিষ্ট কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ৷
৪০ লাখ ৰেচন কার্ড আৰু ৬৫ লাখ স্বাস্থ্য বীমা
দৰিদ্রতা নির্মূলৰ বাবে অসমৰ ৪০ লাখ দৰিদ্র পৰিয়ালক নতুনকৈ ৰেচন কার্ড দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ৷ প্রধানমন্ত্রীৰ আয়ুষ্মান ভাৰতৰ আর্হিত আমাৰ ৰাজ্য চৰকাৰে ১ এপ্রিলৰ পৰা মুখ্যমন্ত্রীৰ আয়ুষ্মান অসম আঁচনি আৰম্ভ কৰিব৷ প্রধানমন্ত্রীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্রীৰ আয়ুষ্মান অসম– এই দুয়োখন আঁচনিৰ জৰিয়তে যি পৰিয়ালৰ হাততে ৰেচন কার্ড আছে, তেনে ৬৫ লাখ পৰিয়ালক বছৰি ৫ লাখ টকালৈকে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্রদান কৰা হ’ব৷
শ্রদ্ধাৰ ৰাইজ, অৰুণোদয়, পৰিয়াল পৰিচয়–পত্র বা ৰেচন কার্ড প্রদান, স্বাস্থ্য বীমা আৰু সমান্তৰালভাৱে বিধৱা পেন্সনৰ পৰিমাণ ১,২৫০ টকালৈকে বৃদ্ধি আদিৰ সিদ্ধান্তই অসমৰ দৰিদ্র লোকসকলৰ এক শক্তিশালী ৰক্ষাকৱচ ৰূপে কাম কৰিব৷
ধান ক্রয় আৰু শস্য বীমা
শ্রদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰে আৰম্ভ কৰা আন এক গুৰুত্বপূর্ণ আঁচনি আছিল ৰাজ্যৰ কৃষকৰ পৰা ধান ক্রয় আৰু শস্য বীমা৷ প্রতি কুইণ্টলত ১,৯৪০ টকাৰ নূ্যনতম সমর্থন মূল্যত যোৱা বছৰটোত আমি ৰাজ্যৰ কৃষকৰ পৰা ৬ লাখ কুইণ্টল ধান ক্রয় কৰিবলৈ সক্ষম হৈছিলোঁ৷ যোৱা বছৰত প্রথম ১ লাখ কুইণ্টল ধান ক্রয়ৰ লক্ষ্য আমি মার্চ মাহত সম্পূর্ণ কৰিছিলোঁ৷ কিন্তু তাৰ বিপৰীতে এই বছৰ আমি ১৬ জানুৱাৰীতে ১ লাখ মেড্রিকটন ধান কিনিবলৈ সক্ষম হৈছোঁ আৰু অহা ২০ ফেব্রুৱাৰীৰ ভিতৰত আমি ২ লাখ মেড্রিকটন ধান কিনিবলৈ সক্ষম হ’ম৷ অর্থাৎ এই ধৰণেৰে যদি আমি আগবাঢ়ি যাওঁ, এই বছৰত ১০ লাখ মেড্রিকটন ধান কিনাৰ যি লক্ষ্য আমি তাৰ ওচৰে–পাঁজৰে উপনীত হ’বলৈ সক্ষম হ’ম৷ ই ৰাজ্যৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ ক্ষেত্রত এক সঞ্জীৱনী শক্তি ৰূপে কাম কৰিব আৰু সমান্তৰালভাৱে ৰাজ্যৰ কৃষকসকলক কৃষি ক্ষেত্রলৈ পুনৰ উভতি অহাৰ বাবেও প্রেৰণা স্বৰূপে কাম কৰিব৷ প্রধানমন্ত্রী ফচল বীমা আঁচনিৰ জৰিয়তে আমি প্রায় ৫ লাখ কৃষকক ২০২০ আৰু ২০২১ চনত প্রায় ২৯৭ কোটি টকাৰ বীমাৰ ধন দিবলৈ সক্ষম হৈছোঁ৷
যুৱশক্তি আমাৰ দেশৰ ধৰণী
শ্রদ্ধাৰ ৰাইজ, কথোপনিষদত এটা পৱিত্র বাক্য উল্লেখ আছে–
উত্তিষ্ঠত জাগ্রত প্রাপ্য বৰান নিবোধত৷
ক্ষুৰস্য ধাৰা নিশিতা দুৰত্যায়া
দুর্গং পথস্তত্ কবয়ো বদন্তি৷৷
অর্থাৎ, ঋষিসকলে কৈছে– উঠা, জাগ্রত হোৱা, ক্ষুৰৰ দৰে চোকা হ’বলৈ কঠিন পথেৰে গতি কৰা৷ মহান ব্যক্তিসকলক বাছি উলিয়াই তেওঁলোকৰ পৰা জ্ঞান আহৰণ কৰা৷
এয়া আছিল ভাৰতবর্ষৰ যুৱশক্তিৰ প্রতি পুৰাতন সভ্যতাই জনোৱা আকুল আহ্বান৷ সেই আকুল আহ্বানকে সন্মুখত ৰাখি প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই অহা ২৫টা বছৰৰ অমৃতকালত অসম আৰু ভাৰতৰ নৱপ্রজন্মক অমৃত সন্তান হিচাপে নিজৰ দায়িত্ব গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ আমিও ৰাজ্যৰ যুৱশক্তিৰ লগত থিয় হোৱাৰ বাবে সংকল্প গ্রহণ কৰিছোঁ৷
নিযুক্তি আৰু দক্ষতা বিকাশ
শ্রদ্ধাৰ ৰাইজ, ৰাজ্যৰ যুৱশক্তিক সকলো প্রকাৰে প্রেৰণা যোগাবৰ বাবে আমি কেইবাটাও নতুন নতুন কর্মক্ষেত্রত জঁপিয়াই পৰিছোঁ৷ ১ লাখ চৰকাৰী চাকৰিৰ সপোন আমি অহা কেইটামাহৰ ভিতৰতে সম্পূর্ণ কৰিম৷ এই বছৰ ৰাজ্য চৰকাৰে গ্রহণ কৰিবলগীয়া বিত্তীয় বাজেটত প্রায় ৩ হাজাৰ কোটি টকা ৰাজ্যৰ যুৱকসকলক স্বাৱলম্বী কৰাৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ মঙলদৈত স্থাপন হোৱা দক্ষতা বিশ্ববিদ্যালয়ে অসমৰ যুৱ সমাজক এক নতুন পথ দেখুৱাবলৈ সক্ষম হ’ব৷
ক্রীড়াক কেৰিয়াৰলৈ পৰিৱর্তনৰ পদক্ষেপ
ৰাজ্যৰ যুৱ সমাজআৰু নতুন প্রজন্মক ক্রীড়া ক্ষেত্রলৈ আগবঢ়াই লৈ আহিবৰ বাবে এই বছৰৰ ১৫ আগষ্টত এখন নতুন পূর্ণাংগ ক্রীড়া নীতি আমি অসমৰ জনসাধাৰণক উপহাৰ দিবৰ বাবে প্রচেষ্টা চলাইছোঁ৷ ইয়াৰ দ্বাৰা ক্রীড়াক আমাৰ ৰাজ্যৰ যুৱকসকলৰ বাবে কেৱল এক এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটী হিচাপে নহয়, এমপ্লয়মেণ্ট জেনেৰেচন এক্টিভিটীলৈ ৰূপান্তৰ কৰাৰ বাবে প্রচেষ্টা হাতত ল’ম৷ তদুপৰি ২০২৩ চনত ৰাজ্যৰ প্রতিখন ৰাজহ গাঁৱৰ পৰা ৰাজ্যৰ ৰাজধানীলৈকে সামৰি এক খেল মহাসমাৰোহ অনুষ্ঠিত কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ৷ ২৫ হাজাৰ ৰাজহ গাঁৱক সামৰি অসমৰ আটাইতকৈ সর্ববৃহৎ ক্রীড়া মহাসমাৰোহখন ২০২৩ চনত অনুষ্ঠিত হ’ব৷
আৰক্ষী কর্মীৰ বীৰত্বক স্বীকৃতি
শ্রদ্ধাৰ ৰাইজ, আৰক্ষীৰ কর্মীসকলে যোৱা সমস্ত সময়ছোৱাত সন্ত্রাসবাদীৰ বিৰুদ্ধে যুঁজ দি কৰা চৰম ত্যাগ আমাৰ বাবে সদায় প্রেৰণাৰ এক নতুন প্রতীক হৈ থাকি যাব৷ সন্ত্রাসৰ পৰিৱেশৰ পিছত আমাৰ ৰাজ্যখনে যেতিয়া এক শান্তিৰ নতুন পথলৈ যাত্রা আৰম্ভ কৰিছে, আমি অলপ পিছলৈ ঘূৰি চোৱা উচিত৷ এনে চৰম ত্যাগ কৰা আৰক্ষীৰ পৰিয়ালৰ কাষত আমি থিয় হোৱা উচিত৷ এই মহান উদ্দেশ্যকে সাৰোগত কৰি সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দিওঁতে সর্বস্ব ত্যাগ কৰা আৰক্ষীৰ পৰিয়াললৈ একোটাকৈ কর্মসংস্থাপন আমি কৃতজ্ঞতা হিচাপে আগবঢ়াবলৈ সিদ্ধান্ত গ্রহণ কৰিছেছা৷ এই কামৰ শুভাৰম্ভৰ দিন ২৮ জানুৱাৰী ধার্য কৰা হৈছে৷
মাতৃ–পিতৃ বন্দনা
শ্রদ্ধাৰ ৰাইজ, উদ্ভাৱনী চিন্তাৰে অসমক আমি ভাৰতবর্ষৰ ভিতৰতে এক প্রগতিশীল ৰাজ্য হিচাপে নির্মাণ কৰাৰ পথত অগ্রসৰ হৈছোঁ৷ মাতৃ–পিতৃ বন্দনা আমাৰ বাবে এক উল্লেখযোগ্য আঁচনি৷ ই চৰকাৰী বিষয়াসকলক দিয়া বন্ধ নহয়, এই বন্ধৰ আঁৰত লুকাই আছে ভাৰতৰ সনাতন সভ্যতা–সংস্কৃতিৰ অমৃত শিক্ষা৷ পিতৃ–মাতৃৰ আশীর্বাদেৰেহে এজন সন্তান নিজে বটবৃক্ষত পৰিণত হ’ব পাৰে৷ যি সন্তানে বটবৃক্ষৰ ছাঁ নাপায়, সেই সন্তানে নিজে কেতিয়াও বটবৃক্ষত পৰিণত হ’ব নোৱাৰে৷ দ্বিতীয়বাৰৰ বাবে অহা ৯–১০ ফেব্রুৱাৰীত ৰাজ্য চৰকাৰে মাতৃ–পিতৃ বন্দনাৰ বাবে চৰকাৰী বিষয়া–কর্মচাৰীসক ছুটী মঞ্জুৰ কৰিব৷ মই ত্রিৰংগ পতাকাৰ তলত থিয় হৈ ৰাজ্যৰ বেচৰকাৰী উদ্যোগ, প্রতিষ্ঠান, ব্যৱসায়িক প্রতিষ্ঠান আদিকো এই মাতৃ–পিতৃ বন্দনাৰ কার্যসূচীত যোগ দিবলৈ আহ্বান জনাইছেছা৷
শ্রদ্ধাৰ ৰাইজ, মই কর্মচাৰী–বিষয়াসক সচেতন কৰি দিব খোজোঁ যে এই মাতৃ–পিতৃ বন্দনাৰ দিনকেইটাক তেওঁলোকে চৰকাৰী ছুটী হিচাপে গণ্য নকৰি প্রকৃতার্থত মাতৃ–পিতৃৰ আশীর্বাদ লোৱাৰ বাবে চেষ্টা কৰিব৷ সেই পৰামর্শ আজি এই ত্রিৰংগ পতাকাৰ তলত থিয় হৈ মই আপোনালোকৰ বাবে আগবঢ়াব খুজিছোঁ৷
উদ্ভাৱনী চিন্তা–চর্চাৰে আগবাঢ়িছে ৰাজ্য
উদ্ভাৱনী চিন্তা–চর্চাৰে আজি আমাৰ ৰাজ্যখন সমগ্র দেশৰ ভিতৰতে এক উদাহৰণ হ’বলৈ আগবাঢ়িছে৷ প্রতি সপ্তাহৰ কেবিনেট বৈঠক আৰু জিলা সদৰত হোৱা মাহেকীয়া কেবিনেট বৈঠকে ইতিমধ্যে ৰাজ্যৰ জনসাধাৰণক ঈপ্সিত ফল দিবলৈ আৰম্ভ কৰিছে৷ ৰাজ্যৰ প্রতিখন জিলাৰ বাবে আমি নিয়োগ কৰা অভিভাৱক মন্ত্রীৰ ব্যৱস্থাই আজি ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাটোক শক্তিশালী কৰিছে৷ প্রতি ছমাহৰ মূৰে মূৰে আমি আৰম্ভ কৰা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত সন্মিলনে আজি দেশৰ প্রশাসনিক ক্ষেত্রত কাম কৰা সকলো ব্যক্তিৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ৰাইজক নিজ ঘৰতে চৰকাৰী সেৱাসমূহ আগবঢ়াবলৈ আৰম্ভ কৰাRight to Public Service প’র্টেলে এক নতুন গতি লাভ কৰিছে৷ এইRTPS প’র্টেলকে আমি অহা কেইদিনমানৰ ভিতৰতে ‘সেৱা–সেতু’ ৰূপে নামকৰণ কৰি ৰাজ্যৰ চৰকাৰী কার্যালয়ৰ সকলো সেৱা ডিজিটেল পদ্ধতিৰে দিয়াৰ বাবে প্রচেষ্টা আৰম্ভ কৰিম৷ ২০২৬ চনৰ ভিতৰত যাতে চৰকাৰ আৰু জনসাধাৰণৰ মাজত প’র্টেলযোগে সম্পর্ক কৰিব পাৰোঁ আৰু অসম চৰকাৰৰ সমস্ত সেৱা যাতে এই সেৱা–সেতুৰ জৰিয়তে দিব পাৰোঁ, তাৰ বাবে ইতিমধ্যে আমাৰ প্রচেষ্টা আৰম্ভ হৈছে৷ ৰাজ্যৰ সচিবালয়ত আৰম্ভ হোৱা ই–ফাইলৰ ব্যৱস্থা অহা কেইদিনমানৰ ভিতৰতে সমগ্র অসমৰ প্রতিটো চৰকাৰী কার্যালয়লৈ লৈ যোৱাৰ বাবে আমাৰ প্রচেষ্টা ইতিমধ্যে আৰম্ভ কৰিছোঁ৷
জনসাধাৰণৰ সু–স্বাস্থ্য দেশৰ উন্নতিৰ দাপোণ
শ্রদ্ধাৰ ৰাইজ, চিকিৎসা মহাবিদ্যালয় নির্মাণৰ ক্ষেত্রত অসমে ইতিমধ্যে অসাধাৰণ সফলতা অর্জন কৰিছে৷ ৯খন চিকিৎসা মহাবিদ্যালয়ৰ পিছত এইবাৰ অসমত নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়কো ৰাইজৰ সেৱাৰ বাবে উছর্গা কৰিবলৈ ইতিমধ্যে প্রচেষ্টা আৰম্ভ কৰিছোঁ৷ অসমত ২৪খন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত আমি দ্রুততাৰে আগবাঢ়িছোঁ৷
শিক্ষাৰ প্রসাৰে আনে উজ্জ্বল ভৱিষ্যৎ
গুণোৎসৱে ইতিমধ্যে ৰাজ্যৰ বিদ্যায়তনিক ক্ষেত্রখনলৈ এক পৰিৱর্তন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে আমি সিদ্ধান্ত গ্রহণ কৰিছেছা যে গুণোৎসৱত A+ লাভ কৰা প্রতিখন বিদ্যালয়ত কাম কৰা চুক্তিবদ্ধ শিক্ষকসকলক নিয়মীয়া শিক্ষকলৈ ৰূপান্তৰ কৰিম৷ গুণোৎসৱ প্রকৃত অর্থত ৰাজ্যৰ শিক্ষার্থীসকলৰ গুণৰ উৎসৱ হৈ পৰক, তাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰভাৱে কাম কৰিছে৷ এই বছৰ আমাৰ চৰকাৰে অসমৰ চিকিৎসালয়সমূহত যাতে দুখীয়া–দৰিদ্র জনসাধাৰণক উৎকৃষ্ট সেৱা দিব পাৰে, তাৰ বাবে গুণোৎসৱৰ আর্হিত স্বাস্থ্যসেৱা উৎসৱ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছেছা৷ গুণোৎসৱৰ দৰেই মুখ্য সচিবৰ পৰা আৰম্ভ কৰি মন্ত্রী, বিষয়া সকলোৱে চৰকাৰী চিকিৎসালয়সমূহৰ গুণগত মূল্যবোধক উৎকর্ষতাৰ পথলৈ লৈ যোৱাৰ বাবে এই স্বাস্থ্য সেৱা উৎসৱত অংশগ্রহণ কৰিব৷ শিশুৰ হূদ অস্ত্রোপচাৰ, অর্থাৎ ১৪ বছৰৰ তলৰ শিশুসকলক সকলো উপচাৰৰ সৈতে বিনামূলীয়াকৈ হার্ট ছার্জাৰীৰ কাম আমি আৰম্ভ কৰিছিলোঁ৷ অহা মাহৰ ভিতৰত এনে অস্ত্রোপচাৰে ১০,০০০ৰ সংখ্যা চুব৷ এনে এক মানৱীয় কল্যাণৰ দিশেৰে আমাৰ চৰকাৰ আগবাঢ়িছে৷
শ্রদ্ধাৰ ৰাইজ, আজি আমি আৰু এটা নতুন কথা ৰাইজৰ আগত ক’ব খুজিছোঁ৷ এই বছৰ ৰাজ্য চৰকাৰে ৫০০খন হাইস্কুল এনে এক পর্যায়লৈ লৈ যাব, যাতে সেই হাইস্কুলসমূহ ভৱন, স্মার্ট ক্লাছৰুম, শিক্ষক আদি সকলো দিশৰ পৰা সর্বশ্রেষ্ঠ হ’ব পাৰে৷ সেয়েহে আমাৰ চৰকাৰে আহিবলগীয়া বাজেটত ২,০০০ কোটি টকা আমাৰ বৌদ্ধিক বিকাশৰ বাবে আবণ্টন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সমান্তৰালভাৱে এই বছৰ অসমত নতুন কেইবাখনো মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু চাহ বাগিচা অঞ্চলত বিদ্যালয় স্থাপন আদিৰ জৰিয়তে আমি বহু কল্যাণমূলক কাম হাতত ল’ব বিচাৰিছোঁ৷ যোৱা মাহটোত আৰম্ভ কৰা উন্নয়নৰ এটা পষেকৰ জৰিয়তে ইতিমধ্যে অসমত প্রায় ১৭,০০০ কোটি টকাৰ উন্নয়নমূলক কাম–কাজ আৰম্ভ কৰিবলৈ আমি সক্ষম হৈছেছা৷ ৰাজ্যৰ অর্থনীতিও ইতিমধ্যে এক সম্পূর্ণ শক্তিশালী স্থিতিত উপনীত হৈছে৷ ২০২১–২২ বিত্তীয় বর্ষত আমি বার্ষিক বাজেটৰ ১ লাখ কোটি টকা খৰচ কৰাৰ যি এক নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ, সেয়া এই বছৰো আমি অক্ষুণ্ণ ৰাখিম– এনে পৰিকল্পনাৰে আমি আগবাঢ়িছেছা৷ ২০১৭–১৮ চনত ৰাজ্যত মূলধনী ব্যয় আছিল প্রায় ৮ হাজাৰ কোটি টকা৷ মাত্র চাৰি বছৰৰ ভিতৰতে আমি সেই মূলধনী ব্যয় প্রায় ডেৰশ গুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছেছা৷ এই বছৰ আমি মূলধনী ব্যয় ২০,০০০ কোটি টকাৰ ওপৰলৈ লৈ যাবৰ বাবে ব্যৱস্থা গ্রহণ কৰিছেছা৷ ৰাজ্যৰ নিজা ৰাজহ সংগ্রহে ইতিমধ্যে অভিলেখ স্থাপন কৰিছে আৰু বর্তমান ৰাজ্যৰ নিজা ৰাজহেৰে আমি চৰকাৰী কর্মচাৰীক দৰমহা দিব পৰা ক্ষমতা স্বাধীনতাৰ ৭৫ বছৰৰ পিছত প্রথমবাৰৰ বাবে অর্জন কৰিবলৈ সক্ষম হৈছোঁ৷
শ্রদ্ধাৰ ৰাইজ, অসমবাসীৰ এই সফলতা আৰু অসমবাসীৰ এই কৃতিত্বৰ আঁৰত লুকাই আছে অসমৰ শান্তিপূর্ণ পৰিৱেশ৷ যোৱা ডেৰটা বছৰে অসমৰ জনসাধাৰণে আমাৰ ৰাজ্যখনত যি এক সন্ত্রাস বিবর্জিত, আন্দোলন বিবর্জিত, ধর্ণা–ধর্মঘট বিবর্জিত অতিশয় মনোমোহা পৰিৱেশ নির্মাণ কৰিলে, তাৰ বাবে অসমবাসী ৰাইজক এই ত্রিৰংগ পতাকাৰ তলত থিয় হৈ পুনৰ এবাৰ অভিনন্দন জনাইছোঁ৷
শ্রদ্ধাৰ ৰাইজ, প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই কৈছে, অহা ২৫টা বছৰ ভাৰতৰ৷ এই ত্রিৰংগ পতাকাৰ তলত থিয় হৈ মই ক’ব খোজেজা যে প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াৰ সপোনক বাস্তৱত ৰূপায়িত কৰি অহা ২৫টা বছৰত অসমেও নিজকে অমৃতকালৰ মানত থিয় কৰাব লাগিব৷ আমি অসমবাসীয়েও নিজকে অমৃতৰ সন্তান বুলি বিশ্বৰ দৰবাৰত গৌৰৱেৰে প্রতিষ্ঠা কৰিব লাগিব৷ মই অসমবাসী ৰাইজক আহ্বান জনাম– আমাৰ এই যি শান্তিৰ পৰিৱেশ, আন্দোলন বিবর্জিত এই যি পৰিৱেশ, এই পৰিৱেশৰ জৰিয়তে অহা বছৰকেইটাত অসমৰ উন্নয়ন, বিকাশ, প্রগতি আৰু শান্তিৰ এক নতুন অধ্যায় আৰম্ভ কৰিম৷ আজি ৭৪সংখ্যক গণৰাজ্য দিৱসত আমি যাতে তাৰ বাবে প্রতিজ্ঞাবদ্ধ হওঁ, মই অসমবাসী ৰাইজক সেই আহ্বান জনালোঁ৷
(আগলৈ)
(৭৪সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ কেন্দ্রীয় অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রদান কৰা ভাষণৰ লিখিত ৰূপ)