নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৫খন আসনত জিকিব মহাজোঁট, মুখ্যমন্ত্রী হ’ব ৰকিবুল–খালেক

কংগ্রেছ প্রার্থী এ কে ৰছিদ আলমৰ অংক

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ নির্বাচনৰ ফলাফলৰ বাবে আমি সম্পূর্ণ সাজু৷ এইবাৰ কংগ্রেছৰ নেতৃত্বত মহাজেজাটৰ চৰকাৰ হোৱাটো নিশ্চিত৷ আগন্তুক বিধানসভাত সংখ্যালঘু বিধায়ক হ’ব গৰিষ্ঠসংখ্যক৷ ৭৫খনতকৈ অধিক আসন লাভ কৰিব মহাজেজাটে৷ –এই মন্তব্য পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা কংগ্রেছ প্রার্থী এ কে ৰছিদ আলমৰ৷ আজি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে কয় যে আগন্তুক বিধানসভাত সংখ্যাগৰিষ্ঠ হ’ব মুছলমান বিধায়ক৷ মুছলমান বিধায়ক গৰিষ্ঠসংখ্যক হ’লে ৰকিবুল হুছেইন বা আব্দুল খালেক মুখ্যমন্ত্রী হ’ব৷ কাৰণ মুঠ আসনৰ ৩০–৩৫ শতাংশ সংখ্যালঘু বিধায়ক হ’ব৷

বিধায়কগৰাকীৰ মতে, মুখ্যমন্ত্রী পদৰ বাবে ৰিপুণ বৰা, গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ আৰু আব্দুল খালেক উপযুক্ত আৰু যোগ্য প্রার্থী৷ আৰু যদি মুছলমানৰ মুখ্যমন্ত্রী হয়, তেন্তে ৰকিবুল হুছেইন নাইবা আব্দুল খালেক হ’ব লাগে বুলি দাবী কৰে বিধায়কগৰাকীয়ে৷ কাৰণ আগন্তুক বিধানসভাত মুছলমানৰ বিধায়ক গৰিষ্ঠসংখ্যক হ’ব৷ একেদৰে যদি বিজেপিৰ চৰকাৰ হয়, তেন্তে মুখ্যমন্ত্রী পুনৰ সর্বানন্দ সোণোৱালক পাতিব নালগে৷ মুখ্যমন্ত্রীৰ নামত সর্বানন্দ সোণোৱাল এটা মূর্তি৷ কোনো কাম নাই তেওঁৰ৷ সর্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্রী হ’লে এইবাৰ অসমখন চিধা গুজৰাটী বেপাৰীৰ হাতত বিক্রী কৰিব৷ সর্বানন্দ সোণোৱাল এইবাৰ মুখ্যমন্ত্রী হ’লে অসমৰ পাহাৰ, পর্বতবোৰ বিক্রী কৰিব৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এগৰাকী ভাল মানুহ৷ বিতর্কিত মন্তব্যবোৰ তেওঁ নকৰে, তেওঁৰ দ্বাৰা কোৱাহে হয় বুলি ৰছিদ আলমে প্রকাশ কৰে৷

You might also like