নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৫ বছৰ পিছতো দলং নহ’ল উত্তৰ দেবৰগাঁৱত

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : কোকৰাঝাৰ জিলাৰ অধীনৰ উত্তৰ দেবৰগাঁৱত স্বাধীনতাৰ ৭৫ বছৰ পিছতো নিৰ্মাণ নহ’ল এখন দলং । যাৰ বাবে এতিয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে নৰক যাতনা ভুগিবলগীয়া হৈছে পথচাৰীয়ে । সেৰফানগুৰি বজাৰৰ গাতে লাগি থকা উত্তৰ দেবৰগাঁৱত উত্তৰ দেবৰগাঁও নলাৰ ওপৰত দলংখন নিৰ্মাণ কৰিবলৈ স্থানীয় লোকে বাৰংবাৰ দাবী কৰি আহিছে যদিও নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বাহিৰে দলং নিৰ্মাণ হোৱা নাই । এতিয়াও যাতায়াত কৰিবলগীয়া হয় বিদ্যুতৰ খুঁটাৰ ওপৰেৰে । সেই হেতুকে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ আগতে দলংখন নিৰ্মাণ কৰি দিবলৈ দাবী উত্থাপন কৰে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like