নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশন

🔹 একেলগে পাঁচ হাজাৰ দৰ্শক বহিব পৰা বিশাল মঞ্চ

নিয়মীয়া বাৰ্তা,  ২৭ জানুৱাৰী : অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশনৰ সফল আয়োজনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ দিনে-নিশাই কামত ব্যস্ত হৈ পৰিছে খাদ্য, মঞ্চ, তোৰণ, পতাকা, স্মৃতিগ্ৰন্থ আদিকে ধৰি ৫৬খন বিভিন্ন উপ-সমিতি৷ অসম সাহিত্য সভাৰ সাংবিধানিক প্ৰট’কল অনুসৰি অধিৱেশনৰ মূল প্ৰৱেশদ্বাৰৰ কেইফুটমান দূৰত্বত থাকিবলগীয়া পতাকাস্থলী কাঠেৰে সুন্দৰকৈ সজাই-পৰাই তোলাত ব্যস্ত হৈ পৰিছে পতাকা উপ-সমিতি৷ পতাকাস্থলীত ৩১ জানুৱাৰীৰ পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ প্ৰথমখন পতাকাকে ধৰি সৰ্বমুঠ ১৮৬খন পতাকা উত্তোলন কৰা হ’ব৷ প্ৰায় ৩০০ ফুট ব্যাসাৰ্ধত তিনিটা চক্ৰত উত্তোলন কৰিবলগীয়া পতাকাৰ বেদীসমূহ মাটিৰ পৰা তিনি-চাৰি ফুট ওখকৈ সজোৱা হৈছে৷ সভাপতিৰ পতাকাখনৰ পিছত পতাকা বেদীৰ প্ৰথম চক্ৰত ৭৭সংখ্যক অধিৱেশন উপলক্ষে ৭৭খন পতাকা আৰু পতাকা বেদীৰ দ্বিতীয় চক্ৰত অসম সাহিত্য সভাৰ ১০৮ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ১০৮ খন পতাকা অধিৱেশনস্থলীত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা উত্তোলন কৰা হ’ব৷ তদুপৰি স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণস্থলী নিৰ্মাণ কৰা হৈছে৷ শ্বহীদ তৰ্পণস্থলীত অসম আন্দোলনৰ শ্বহীদ আৰু ভাৰতীৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বজালীৰ বীৰ শ্বহীদ মদন আৰু ৰাউতাৰ প্ৰতিমূৰ্তি থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে৷ ইয়াৰ উপৰি বজালী গৌৰৱ কামেশ্বৰ দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰতিমূৰ্তি সংস্থাপন কৰা হ’ব৷ আনহাতে, অধিৱেশনস্থলীত একেলগে পাছ হাজাৰ দৰ্শক বহিব পৰাকৈ লোহাৰ ফাৰ্মাৰে নিৰ্মিত এখন বিশাল মঞ্চ সাজি থকাৰ উপৰি জনগোষ্ঠীয় মঞ্চ, গ্ৰন্থমেলা মঞ্চ, বিজ্ঞান মেলা মঞ্চ আদিকে ধৰি সৰু-বৰ পাঁচখন মঞ্চ প্ৰস্তুত কৰি থকা হৈছে৷ ইপিনে, জনগোষ্ঠীয় উপ-সমিতিৰ উদ্যোগত কেইবাটাও বিভিন্ন আকৃতিৰ বাসগৃহৰে এখন জনজাতীয় গাঁও নিৰ্মাণ কৰি থকা হৈছে৷ তদুপৰি ২ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিক আদৰণি জনোৱাৰ উদ্দেশ্যে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ চাৰি কিলোমিটাৰজোৰা এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ পৰম্পৰাগত লোকসংস্কৃতি, লোকনৃত্য, বিভিন্ন সাস্কৃতিক উপাদান সমৃদ্ধ হ’ব বুলি শোভাযাত্ৰা উপ-সমিতিয়ে প্ৰকাশ কৰিছ৷ ইয়াৰ উপৰি প্ৰায় ১২শ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ এখন স্মৃতিগ্ৰন্থৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও জানিব পৰা গৈছে৷ ইপিনে, সমগ্ৰ অসমৰ সাহিত্যপ্ৰেমী ৰাইজক আদৰিবলৈ অধিৱেশনৰ প্ৰদৰ্শনী উপ-সমিতিৰ নেতৃত্বত প্ৰস্তুত কৰি থকা হৈছে এটি সুবৃহৎ জাপি৷ অসমীয়া সংস্কৃতিৰ অন্যতম চানেকি হিচাপে পৰিচিত ৮৭ ফুট আয়তনৰ টকৌপাতেৰে নিৰ্মাণ কৰি থকা এই ফুলাম জাপি অধিৱেশনৰ অন্যতম আকৰ্ষণ হ’ব৷ এই জাপিটোৱে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছৰ পুৰণি অভিলেখ ভংগ কৰিব বুলি উদযাপন সমিতিয়ে জনাইছে ৷ প্ৰায় ১০ৰ পৰা ১৫গৰাকী নলবাৰী জিলাৰ জাপি শিল্পীয়ে নিৰ্মাণ কৰি থকা জাপিটো যে অধিৱেশনৰ অন্যতম আকর্ষণ হ’ব, ইতিমধ্যে তাৰ উমান পোৱা গৈছে৷ তদুপৰি অধিৱেশনৰ প্ৰদৰ্শনী উপ-সমিতিয়ে দুখন প্ৰতিযোগিতাৰো আয়োজন কৰিছে৷ “ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাৰ ভৱিষ্যৎ সুৰক্ষিত কৰিছে” বিষয়ক সদৌ অসম ভিত্তিত আয়েজিত মুকলি তর্ক প্রতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ১০,০০০ টকা আৰু প্রয়াত হিমাদ্রী চৌধুৰী সোঁৱৰণী বঁটা তথা দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ৫,০০০ টকা আৰু প্রয়াত হিমাদ্রী চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব৷ ভট্টদেৱ ক্ষেত্রৰ প্রয়াত শিশুৰাম হাজৰিকা সোঁৱৰণী প্রদর্শনীস্থলীত পহিলা ফেব্ৰুৱাৰীত পুৱা ১১ বজাত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ উপৰি ২ ফেব্ৰুৱাৰীত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাতো প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ ক্ৰমে প্ৰয়াত চাৰুবালা চৌধুৰী সোঁৱৰণী বঁটাসহ নগদ ১০,০০০ টকা আৰু ৫,০০০ টকা আৰু প্রদান কৰা হ’ব৷

প্ৰেৰক কল্যাণ কলিতা

You might also like