নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছচিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি ৰাজ্যত গ্ৰেপ্তাৰ ৭৮ ৰাষ্ট্ৰবিৰোধী

ৰাষ্ট্ৰবিৰোধীৰ বিৰুদ্ধে ৰাজ্যব্যাপী দমন অব্যাহত থাকিব আৰু কাকো ৰেহাই দিয়া নহ’ব

ছচিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি ৰাজ্যত গ্ৰেপ্তাৰ ৭৮ ৰাষ্ট্ৰবিৰোধী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে ‘ : ছ’চিয়েল মিডিয়াত পাকিস্তানৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি অসমত এই পৰ্যন্ত মুঠ ৭৮জন গ্ৰেপ্তাৰ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সামাজিক মাধ্য়মত প্ৰকাশ কৰিছে।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ৰাষ্ট্ৰবিৰোধীক দমন কৰাৰ ওপৰত এটা বিশেষ আপডেট। ছ’চিয়েল মিডিয়াত শত্ৰু জাতিৰ প্ৰতি সহানুভূতিশীল হোৱাৰ বাবে এতিয়া ৭৮জন জাতিবিৰোধী লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছিল যে ৰাষ্ট্ৰবিৰোধীৰ বিৰুদ্ধে ৰাজ্যব্যাপী দমন অব্যাহত থাকিব আৰু কাকো ৰেহাই দিয়া নহ’ব। লগতে ভাৰতবিৰোধী আৰু পাকিস্তান সমৰ্থক কাৰ্যকলাপত জড়িত হোৱা বুলি অভিযোগ উত্থাপন কৰা সেইসকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ) গ্ৰেপ্তাৰ কৰা কিছুমান লোকৰ ওপৰত ক্লেম্প কৰা হ’ব যদিও সকলোৰে ওপৰত নহয় বুলিও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিৰোধী দল এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানক ৰক্ষা কৰা আৰু পাকিস্তানৰ সহযোগিতাৰ বাবে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও এই গোচৰত জামিন লাভ কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে এন এছ এৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

You might also like