আজি সপ্তম আন্তঃৰাষ্ট্রীয় যোগ দিৱস
নিয়মীয়া বাৰ্তা, ২১ জুনঃ সমগ্র দেশৰ লগতে আজি ৰাজ্যজুৰি পালন কৰা হ’ব আন্তঃৰাষ্ট্রীয় যোগ দিৱস৷ এইবাৰ ‘সুস্থতাৰ বাবে যোগ’ শ্লোগানেৰে উদযাপন কৰা হ’ব আন্তঃৰাষ্ট্রীয় যোগ দিৱস৷
এই উপলক্ষে ৰাজ্যৰ প্রান্তে প্রান্তে ক’ভিড প্রট’কল মানি বিশেষ কার্যসূচীৰ আয়োজন কৰা হৈছে৷ আজি পুৱা যোগ দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সম্বোধন কৰে৷
ইফালে আন্তঃৰাষ্ট্রীয় যোগ দিৱস উপলক্ষে ধেমাজি জিলাৰ গেৰুকামুখত আয়োজন কৰা কেন্দ্রীয় অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্তই গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সপ্তম আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ কার্যসূচীত অংশ কৰে৷ ইপিনে বিভিন্ন জিলা সদৰত মন্ত্রী, স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, সাংসদ আৰু বিধায়কসকলেও আন্তঃৰাষ্ট্রীয় যোগ দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰে৷
ইফালে ক’ভিড প্রট’কল মানি যোগ দিৱস অনুষ্ঠিত কৰিব ৰাজ্যিক বিজেপিয়ে৷ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত আয়োজিত হোৱা এই অনুষ্ঠানত পুৱা ৬.৩০ বজাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাস৷
তদুপৰি ৰাজ্যিক বিজেপিৰ সমূহ মণ্ডলে ক’ভিড প্রট’কল মানি দুটাকৈ যোগ শিবিৰ অনুষ্ঠিত কৰি পালন কৰে আন্তঃৰাষ্ট্রীয় যোগ দিৱস৷ একেদৰে বিজেপিৰ আন কার্যকর্তাসকলেও অনলাইনযোগে নিজ নিজ স্থানৰ পৰা যোগ শিবিৰত অংশগ্রহণ কৰে৷