নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত জালিয়াতিৰে মৃত ব্যক্তিৰ ৮.৩০ লাখ আত্মসাৎ

বিশেষ বাৰ্তা, ৮ আগষ্ট : চৰাইদেউ জিলাৰ বৰহাটত জালিয়াতিৰে এগৰাকী মৃত ব্যক্তিৰ ৮ লাখ ৩০ হাজাৰ টকা আত্মসাং কৰা ঘটনাই অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বৰহাট হাবি গাঁৱৰ নিৱাসী, ৩-১০-২০২২ তাৰিখে মৃত্যু হোৱা সুমিত্ৰা দেৱীৰ এছ বি আই বেংকৰ একাউণ্টৰ পৰা দুৰ্বৃত্তই উলিয়াই লৈ গ’ল আঠ লাখ ত্রিশ হাজাৰ টকা। মৃত সুমিত্ৰা দেৱীৰ চেকবুক ব্যৱহাৰ কৰি পংকজ শ্বাহৰ পত্নী বৈছন্তি শ্বাহে সম্পূৰ্ণ জালিয়াতিৰে আঠ লাখ টকা হৰলুকী কৰাৰ অভিযোগ উত্থাপন কৰিছে সুমিত্ৰা দেৱীৰ ভতিজাক কিশোৰ শ্বাহে। দীননাথ শ্বাহৰ তত্ত্বাৱধানত থকা সুমিত্ৰা দেৱীৰ চেকবুক, ভোটাৰ কাৰ্ড, পান কাৰ্ড, পৰিচয় পত্ৰ আৰু চেকবুকৰ দুখন চেক যোগান ধৰিছিল পুত্র পংকজ শ্বাহে। বিগত ৩-৬-২০২৩ তাৰিখে চাৰি লাখ টকা চেকযোগে উলিয়ায় আৰু ১৪-৬-২০২৩ তাৰিখে দ্বিতীয়খন চেকযোগে চাৰি লাখ ত্ৰিশ হাজাৰ টকা উলিয়ায়। ঘটনা সন্দৰ্ভত বৰহাট আৰক্ষী থানাত মৃত ব্যক্তিগৰাকীৰ ভতিজা কিশোৰ শ্বাহে এখন এজাহাৰ দাখিল কৰিছে। ইপিনে, কিদৰে বৰহাট শাখাৰ এছ বি আই বেংকৰ পৰা এগৰাকী মৃত মহিলাৰ একাউণ্টৰ পৰা আঠ লাখৰো অধিক টকা জালিয়াতিৰে উলিয়াই লৈ গ’ল, সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত বুলি সর্বত্রে চর্চা চলিছে।
প্ৰেৰক দীপাংকৰ পাল
You might also like