নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ এপ্ৰিলৰ ভিতৰত ৮ গৰাকী ক’ৰোনা আক্ৰান্তক মুকলি কৰা হ’ব চিকিৎসালয়ৰ পৰা 

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ অসমত ক্ৰমাগতভাৱে ক’ৰোনাক জয় কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । বৰ্তমানলৈকে মুঠ ১৯ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ পাচত পুনৰবাৰ এক সুখবৰ আনিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে সাংবাদিকক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা ২৭ এপ্ৰিলৰ ভিতৰত পুনৰ ৮ গৰাকী ক’ৰোনা আক্ৰান্তক মুকলি কৰি দিয়া হ’ব ।

‘আমি ফলাফলৰ বাবে অপেক্ষা কৰি আছো । আমি আশা কৰিছো যে ধুবুৰীৰ তিনিজন ৰোগীৰ লগতে মুঠ আঠগৰাকী ৰোগীক অচিৰেই মুকলি কৰি দিব পাৰিম চিকিৎসালয়ৰ পৰা ।’ – এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ।

অসমত মুঠ বৰ্তমানলৈকে মুঠ ৩৫ গৰাকীকৈ লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে যদিও ইয়াৰে ১৯ গৰাকীকৈ লোক ইতিমধ্যে সুস্থ হৈ উঠিছে । হাইলাকান্দি জিলাৰ ক’ৰোনাত আক্ৰান্ত এগৰাকী ৰোগীৰ যোৱা ১০ এপ্ৰিলত মৃত্যু হোৱাৰ ফলত বৰ্তমান অসমত মুঠ ১৫ গৰাকীকৈ সক্ৰিয় ক’ৰোনা আক্ৰান্ত আছে ।

You might also like