নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ চকুৰ সন্মুখতে উটি গ’ল ৮ বছৰীয়া কণমানি অবিনাশ

🔹 মর্মান্তিক-অসহনীয় দুর্ঘটনাই কঁপাই গ’ল গুৱাহাটী মহানগৰীক

🔹 পিতৃয়ে শিশু পুত্ৰক নলাত বিচাৰি ফুৰা দৃশ্যই কন্দুৱাইছে বহুজনক

বিশেষ বাৰ্তা, ৫ জুলাই : মর্মান্তিক-অসহনীয় দুর্ঘটনাই কঁপাই গ’ল গুৱাহাটী মহানগৰীক৷ মুষলধাৰে অহা বৰষুণৰ ফলত মহানগৰীত সৃষ্টি হোৱা কৃত্রিম বানে পিতৃৰ চকুৰ সমুখতে উটুৱাই লৈ গ’ল কণমানি ৮ বছৰীয়া এটি শিশুক৷ দুর্ভাগ্যজনকভাৱে ৪ জুলাইৰ নিশা প্রায় ১০.৩০ বজাত চানমাৰিৰ অন্তর্গত পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত সংঘটিত হয় এই শোকাৱহ ঘটনাটো৷ নেৰানেপেৰা বৰষুণে মহানগৰীৰ বিস্তীর্ণ এলেকা প্লাৱিত কৰি তোলাৰ সময়তে পিতৃৰ সৈতে গৃহ অভিমুখে ৰাওনা হৈছিল অবিনাশ সৰকাৰ৷ এমআৰডি ৰোডৰ অন্তর্গত চৰকাৰী ছপাশালৰ সমীপতে গাড়ী–মটৰ মেৰামতি কৰা গেৰেজ আছিল হৰিলাল সৰকাৰৰ৷ গেৰেজৰ দিনটোৰ কাম সামৰি নিশা ভতিজা বাপন সৰকাৰক লগত লৈ পুত্র অবিনাশসহ ভৱানীপুৰত থকা ঘৰলৈ ৰাওনা হৈছিল হৰিলাল সৰকাৰ৷ নিশা গভীৰ হোৱাৰ লগে লগে বৃদ্ধি পাইছিল বৰষুণৰ পৰিমাণো৷ মূল পথটোত এবুকু পর্যন্ত পানী হৈ পৰাত সেইপিনেদি কণমানি পুত্রক লগত লৈ স্কুটীৰে যোৱাটো প্রায় অসম্ভৱ হৈ পৰিছিল হৰিলালৰ বাবে৷ সেয়েহে চৰকাৰী ছপাশালৰ সমীপেৰে জ্যোতিনগৰ অভিমুখে যোৱা উপ-পথেৰে ঘৰলৈ ৰাওনা হৈছিল হৰিলাল৷ উক্ত পথটোৰে পানী কিছু কম হ’ব বুলি ভাবিয়েই বাছি লোৱাটোৱেই হৰিলালৰ বাবে যেন কাল হৈ পৰিল৷ ভতিজা আৰু কণমানি পুত্রক লৈ স্কুটীৰে আগবঢ়া হৰিলালে পশ্চিম জ্যোতিনগৰ কালীমন্দিৰ পোৱাৰ লগে লগে পাহাৰৰ পৰা তীব্রগতিত নামি অহা পানীৰ ধলৰ মুখামুখি হয়৷ পানীৰ প্রবল সোঁতে হৰিলালৰ স্কুটীখন নিয়ন্ত্রণহীন কৰি পেলোৱাত স্কুটীৰ পৰা উফৰি গৈ পানীৰ সোঁতৰ মাজত পৰে কণমানি পুত্র অবিনাশ সৰকাৰ৷ আসন্ন বিপদৰ উমান পাই দুর্ভগীয়া পিতৃগৰাকীয়ে কণমানি পুত্রৰ হাতত ধৰি বচাবলৈ চেষ্টা কৰিছিল যদিও দৈব্য দুর্বিপাকত তেওঁৰ হাতৰ পৰা পুত্রৰ হাত পিছলি যোৱাত পানীৰ সোঁতে কণমানিটোক উটুৱাই নি ওচৰতে থকা বৃহৎ নলাত পেলাই দিয়ে৷ তাৰ পিছতো পথত পৰি থকা বাঁহ এডাল পুত্রৰ পিনে দলিয়াই সেইডালত ধৰিবলৈ হৰিলালে ইংগিত দিয়ে যদিও বলিয়া বানৰ প্রবল সোঁতে সেইকণ সুযোগো কণমানিটোক নিদিলে৷ চকুৰ সমুখতে মা মোক বচোৱা, দেউতা মোক বচোৱা বুলি চিৎকাৰ কৰি নিমিষতে নলাৰ পানীৰ প্রবল সোঁতত উটি যায় অবিনাশ৷ ঘটনাটোৰ আকস্মিকতাত উন্মাদপ্রায় হৈ পৰা দুর্ভগীয়া পিতৃ হৰিলালে নিজৰ জীৱনকো নেওচা দি সোঁতৰ মাজে মাজে গৈ পুত্রক উদ্ধাৰৰ চেষ্টা চলায় যদিও বিফল হয়৷ তাৰ পিছতে স্থানীয় লোকে ঘটনাটোৰ বিষয়ে অৱগত হৈ হৰিলালৰ পৰিয়ালক খবৰটো জনোৱাৰ লগতে বহু লোকে প্রবল বৰষুণৰ মাজতে কণমানিটোৰ সন্ধান চলায় যদিও কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম নহ’ল৷ নিশা প্রায় ১২ বজাত অগ্ণিনির্বাপক বাহিনীয়ে আহি নির্দিষ্ট নলাটোত কণমানিটোৰ সন্ধান চলায় যদিও কোনো শুংসূত্ৰ পাবলৈ সক্ষম নহ’ল৷ নিজ চকুৰ সমুখতে সন্ধানহীন হৈ পৰা পুত্রক বিচাৰি কালি নিশাৰে পৰা চানমাৰি অঞ্চলৰ প্রত্যেকটো নলাত সন্ধান চলোৱা হৰিলালৰ এই দুর্ভাগ্যজনক খবৰটো আজি পুৱাৰ ভাগত বিয়পি পৰাৰ লগে লগে যথেষ্ট পলমকৈ প্রায় ১০ বজাত আৰক্ষী তথা প্রশাসনে কণমানিটোৰ সন্ধান উলিয়াবলৈ জেচিবি, পানী সিঁচা মেচিনেৰে অঞ্চলটোৰ নলাত অভিযান আৰম্ভ কৰে৷ কালি নিশাই হোৱা এই দুর্ভাগ্যজনক ঘটনাটোৰ পাছতহে আজি দিনৰ ভাগত তাত উপস্থিত হয় আৰক্ষীৰ শীর্ষ বিষয়া তথা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া৷ ভুক্তভোগী পৰিয়ালটোৱে বিচৰা ধৰণে অভিযান চলোৱাৰ বাবে উদ্ধাৰকাৰী দলক নির্দেশ দিয়ে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান হৰমিট সিঙে৷ উদ্ধাৰকাৰী দলৰ লগতে সমানে নলাবোৰত নামি পুত্রৰ সন্ধান চলোৱা হৰিলালৰ দুৰৱস্থা প্রত্যক্ষ কৰি এতিয়া আৱেগিক হৈ পৰিছে সচেতন ৰাইজ৷ অপৰিকল্পিতভাৱে মহানগৰীৰ য’তে-ত’তে খন্দা গাঁত তথা নলাবোৰৰ আৱর্জনাময় পৰিস্থিতিৰ বাবেই এই দুর্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে ৰাইজে৷ উপযুক্ত সময়ত মহানগৰীৰ নলা–নর্দমাবোৰ চাফা নকৰাৰ বাবেই কৃত্রিম বানে বহু সময়ত এনে অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰাৰ দাবী তুলি ৰাইজে জবাবদিহি কৰিছে জিলা প্রশাসনক৷ লক্ষণীয় যে বানত উটি যোৱা কণমানি অবিনাশ সৰকাৰ যে এতিয়াও জীৱীত আছে, সেয়া অধিকাংশ ৰাইজে আশা কৰা নাই যদিও দুর্ভগীয়া পিতৃ হৰিলাল সৰকাৰ আৰু মাতৃ তৃষ্ণা সৰকাৰে এতিয়াও ক’ৰবাত কেনেবাকৈ হ’লেও অবিনাশ জীয়াই আছে বুলি বুকুত অকণমান আশা লৈ আছে৷ হৰিলালৰ মতে, মোৰ পুত্র জীয়াই আছে৷ তাক উদ্ধাৰ কৰি হাস্পতাললৈ নিলেই সি সুস্থ হৈ উঠিব৷ দুর্ভগীয়া পিতৃ–মাতৃহালৰ এই আশা সঁচাকৈয়ে সত্য হওক বুলি ৰাইজে নেদেখাজনক প্রার্থনা জনাইছে৷ উদ্ধাৰকাৰী দলে বাতৰি লিখা পৰলৈকে চানমাৰি এলেকাৰ প্রত্যেকটো নলা–নর্দমাতে জেচিবিৰে অভিযান চলাই আছে যদিও এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কণমানি অবিনাশ সৰকাৰ৷

পিতৃৰ দোকানলৈ মম’ খাবলৈ আহিছিল অবিনাশ

ভৱানীপুৰৰ মহেন্দ্র কন্দলি একাডেমীৰ দ্বিতীয় শ্রেণীৰ ছাত্র আছিল ৮ বছৰীয়া অবিনাশ সৰকাৰ৷ যোৱা ১ জুলাইৰ পৰা চলি থকা গৰম বন্ধৰ বাবে ঘৰত সোমাই আমনি লগা কণমানিটোৱে প্রায়েই সন্ধিয়া পিতৃৰ গেৰেজলৈ অহাৰ বাবে মাকক খাটনি ধৰিছিল৷ কিন্তু বিভিন্ন কাৰণত মাতৃ তৃষ্ণা সৰকাৰে অবিনাশক তালৈ অনা নাছিল৷ অৱশেষত কালি বিয়লি ৪ বজাত ভাতৃসহ মাতৃৰ লগত ভৱানীপুৰৰ ঘৰৰ পৰা পিতৃৰ গেৰেজলৈ আহিছিল অবিনাশ৷ উদ্দেশ্য আছিল সন্ধিয়াৰ বেলাটো কিছু সময় দেউতাকৰ লগত থাকি ওচৰতে থকা দোকানত ম’ম’ অথবা ছাউমিন খাব৷ ৪.১৫ বজাত মাতৃয়ে অবিনাশক দেউতাকৰ গেৰেজত থৈ ঘৰলৈ ৰাওনা হয়৷ তাৰ পিছৰে পৰা লাহে লাহে আৰম্ভ হোৱা বৰষুণৰ বাবে নিশা দোকান বন্ধ কৰালৈ অবিনাশে থাকিবলগীয়া হ’ল৷ পুত্রৰ আবদাৰ মতেই সন্ধিয়া দেউতাকে ম’ম’ও খুৱালে৷ তাৰ পিছতেই নিশা ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হ’ল এই শোকাৱহ দুর্ঘটনাটো৷ জীৱিত অৱস্থাত নাতিয়েকক উদ্ধাৰৰ বাবে চৰকাৰক অনুৰোধ জনাই বাৰে বাৰে সংজ্ঞাহীন হৈ পৰিছে অবিনাশৰ আইতাক মালতী দাস৷ শোকাৱহ এই দুর্ঘটনাটোৱে এতিয়া মহানগৰীৰ প্রতিজন অভিভাৱকক জোকাৰি গৈছে৷

You might also like