নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় পর্যায়ৰ নির্বাচনত ৪০ সমষ্টিত হিলদল ভাঙি ওলাই আহিল জনতাঃ ৮২.% ভোটদানৰ জোৱাৰ

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ প্রায় ডেৰমাহ ধৰি ৰাজ্যখনত চলা হাইভ’ল্টেজ নির্বাচনী প্রচাৰৰ পাছত আজি তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হয়৷ প্রথম দুটা পর্যায়ত ক্রমে ২৭ মার্চ আৰু ১ এপ্রিলত হোৱা ভোটদানৰ সকলো অভিলেখ অতিক্রম কৰি আজি তৃতীয় পর্যায়ত ভোটদানৰ জোৱাৰ উঠে৷ ৪০টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত তৃতীয় পর্যায়ৰ ভোটগ্রহণত প্রতিটো ভোট কেন্দ্রতে পুৱাৰে পৰা দেখা গ’ল লানি নিছিগা ভিৰ৷ দুই–এটা বিক্ষিপ্ত ঘটনাৰ বাদে সামগ্রিকভাৱে শান্তিপূর্ণকৈ অনুষ্ঠিত নির্বাচনত হিলদল ভাঙি ভোটাৰ জনতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে৷

মঙলবাৰৰ সন্ধিয়া ৭ বজা পর্যন্ত নির্বাচন আয়োগৰ তথ্য অনুসৰি ভোটদানৰ হাৰ ৮২.২৮ শতাংশ৷ ভোটদানৰ এই হাৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ যোৱা ২৭ মার্চত ৪৭টা সমষ্টিৰ বাবে অনুষ্ঠিত প্রথম পর্যায়ৰ নির্বাচনত ৭৯.৯৭ শতাংশ আৰু ১ এপ্রিলত ৩৯টা সমষ্টিৰ বাবে অনুষ্ঠিত দ্বিতীয় পর্যায়ৰ নির্বাচনত ৮০.৯৬ শতাংশ ভোটদান হয়৷ কিন্তু আজি অনুষ্ঠিত তৃতীয় পর্যায়ৰ নির্বাচনত প্রথম দুটা পর্যায়তকৈ ভোটদানৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি পায়৷

উল্লেখ্য যে তৃতীয় পর্যায়ৰ নির্বাচনত ৬গৰাকী মন্ত্রী ক্রমে ড০ হিমন্ত বিশ্ব শর্মা, সিদ্ধার্থ ভট্টাচার্য, চন্দ্রমোহন পাটোৱাৰী, ফণীভূষণ চৌধুৰী, চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম, সাংসদ নৱকুমাৰ শৰণীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ৰঞ্জিত কুমাৰ দাস, বিধায়ক অতুল বৰা, ৰমেন্দ্র নাৰায়ণ কলিতা, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, আবুল কালাম ৰছিদ আলম, আব্দুৰ ৰছিদ মণ্ডল, ৱাজেদ আলী চৌধুৰী, নজৰুল হক, নিজানুৰ ৰহমান, হাফিজ বছিৰ আহমেদ কাছিমী, অশোক কুমাৰ সিংঘী, অশ্বিনী ৰায় সৰকাৰ, মাজেন্দ্র নার্জাৰী, ৰবিৰাম নার্জাৰী, কমল সিং নার্জাৰী, গুণীন্দ্র নাথ দাস, ৰফিকুল ইছলাম, শুকুৰ আলী, জাকিৰ হুছেইন শিকদাৰ, শ্বেৰমান আলী আহমেদ, সুমন হৰিপ্রিয়া, নাৰায়ণ ডেকা, অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, প্রাক্তন মন্ত্রী মহিবুল হক, প্রাক্তন বিধায়ক ৰছুল হক, আবু তাহেৰ বেপাৰী, আলী আকবৰ মিঞা, দীপক কুমাৰ ৰাভা, আবুল কালাম আজাদ, পবিন্দ্র ডেকা, ডাঃ কমলাকান্ত কলিতা, জ্যোতিষ দাস, হিতেশ বসুমতাৰী, গোপীনাথ দাস, প্রাক্তন সাংসদ উর্খা গৌৰা ব্রহ্ম আদি বহু ৰথী–মহাৰথীৰ লগতে মুঠ ৩৩৭গৰাকী প্রার্থী অৱতীর্ণ হয়৷

মঙলবাৰে ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হোৱাৰ লগে লগে তৃতীয় পর্যায়ত ভোটযুদ্ধত নমা ৩৩৭গৰাকী প্রার্থীৰ ভাগ্য ইভিএমত বন্দী হয়৷ বিলাসীপাৰা মহকুমাত সন্ধিয়া ৬ বজালৈ ৮৭.০৭ শতাংশ ভোটদান হোৱাৰ বাতৰি আহিছে৷ বিলাসীপাৰা পূব সমষ্টিত ৮৬.১৬ শতাংশ আৰু বিলাসীপাৰা পশ্চিম সমষ্টিত ৮৮.২১ শতাংশ ভোটদান সাব্যস্ত হৈছে৷ সেইদৰে উত্তৰ শালমাৰা মহকুমাত সন্ধিয়া ৬ বজা পর্যন্ত অভয়াপুৰী দক্ষিণ সমষ্টিত ৭৯.৯৩ শতাংশ আৰু অভয়াপুৰী উত্তৰ সমষ্টিত ৭৮.৬১ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে৷ তদুপৰি নির্বাচন আয়োগে জনোৱা অনুসৰি বিয়লি ৫ বজা পর্যন্ত মানকাচৰ সমষ্টিত ৮৭.৬৬ শতাংশ, দক্ষিণ শালমাৰা সমষ্টিত ৮৯.৭০ শতাংশ, ধুবুৰী সমষ্টিত ৮৭.৪০ শতাংশ, গৌৰীপুৰ সমষ্টিত ৮৬ শতাংশ, গোলকগঞ্জ সমষ্টিত ৮৩.৫০ শতাংশ, গোসাঁইগাঁও সমষ্টিত ৭৮.৯৬ শতাংশ, কোকৰাঝাৰ পশ্চিম সমষ্টিত ৭৯.৫৪ শতাংশ, কোকৰাঝাৰ পূব সমষ্টিত ৭৮ শতাংশ, চিডলী সমষ্টিত ৭৮.৩৫ শতাংশ, বিজনী সমষ্টিত ৮৩.২৯ শতাংশ, বঙাইগাঁও সমষ্টিত ৮১.৫৫ শতাংশ, দুধনৈ সমষ্টিত ৭৮.৯০ শতাংশ, গোৱালপাৰা পূব সমষ্টিত ৭৮.৫০ শতাংশ, গোৱালপাৰা পশ্চিম সমষ্টিত ৮০.২৯ শতাংশ, জলেশ্বৰ সমষ্টিত ৮৫.৩০ শতাংশ, সৰভোগ সমষ্টিত ৭৮.৮২ শতাংশ, বৰপেটা সমষ্টিত ৭৬.৮৫ শতাংশ, জনিয়া সমষ্টিত ৮৩.২২ শতাংশ, বাঘবৰ সমষ্টিত ৮৩.৭৮ শতাংশ, সৰুক্ষেত্রী সমষ্টিত ৮১.১৯ শতাংশ, চেঙা সমষ্টিত ৮১.৯১ শতাংশ, ভৱানীপুৰ সমষ্টিত ৭৪.৭০ শতাংশ, পাটাছাৰকুছি সমষ্টিত ৭২ শতাংশ, বকো সমষ্টিত ৭৮.২২ শতাংশ, ছয়গাঁও সমষ্টিত ৮০.৬১ শতাংশ, পলাশবাৰী সমষ্টিত ৭৪.৯৯ শতাংশ, হাজো সমষ্টিত ৭৯.৩০ শতাংশ, জালুকবাৰী সমষ্টিত ৭৮ শতাংশ, দিছপুৰ সমষ্টিত ৭১ শতাংশ, পূব গুৱাহাটী সমষ্টিত ৬৮ শতাংশ, পশ্চিম গুৱাহাটী সমষ্টিত ৭৯ শতাংশ, বৰক্ষেত্রী সমষ্টিত ৮০.২০ শতাংশ, ধর্মপুৰ সমষ্টিত ৮০.৫০ শতাংশ, তামুলপুৰ সমষ্টিত ৭১ শতাংশ, বৰমা সমষ্টিত ৭২ শতাংশ আৰু চাপাগুৰি সমষ্টিত ভোটদানৰ হাৰ হৈছে ৭২ শতাংশ৷

আনহাতে, আজি তৃতীয় পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ‘অসম বিধানসভা নির্বাচন–২০২১’ৰ ভোটগ্রহণ পর্বৰ সামৰণি পৰিল৷ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ভাৰতীয় গণতন্ত্রৰ ইতিহাসত ব্যতিক্রমী ৰূপে চিহ্ণিত এইবাৰৰ নির্বাচনৰ তিনিওটা পর্যায়তে প্রতিদ্বন্দ্বিতা কৰা মুঠ ৯৪৬গৰাকী প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী হ’ল৷ এতিয়া ষ্ট্রং ৰুমৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাখিবলগীয়া এই ই ভি এমসমূহ খোলা হ’ব অহা ২ মে’ৰ ভোটগণনাৰ টেবুলত৷ সেইদিনাই স্পষ্ট হ’ব গণতন্ত্রৰ উৎসৱত ব্যাপক উৎসাহ–উদ্দীপনাৰে নাগৰিক সমাজে মতদান কৰাৰ বিপৰীতে কোন ১২৬গৰাকী জনপ্রতিনিধিয়ে বিধানসভাৰ মজিয়াত প্রতিদ্বন্দ্বিতা কৰিবলৈ যোগ্যতা অর্জন কৰিব৷

You might also like