নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলেষ্টেৰল–ডায়েবেটিছ এচিডিটীৰ ৮৪বিধ দৰব বিপজ্জনক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ এচিডিটী, কলেষ্টেৰল, ডায়েবেটিছ বা মধুমেহৰ দৰে ৰোগ নিয়ন্ত্রণত ৰাখিবলৈ বজাৰত যিবোৰ দৰব বিক্রী হৈ আছে, সেইবোৰ কিমান নিৰাপদ, তাক লৈ প্রশ্ণ উঠিছে৷ এই প্রশ্ন এইবাৰ তুলিছে খোদ কেন্দ্রীয় সংস্থা চেণ্ড্রেল ড্রাগ্ছ ষ্টেণ্ডার্ড কণ্ট্ৰ’ল অর্গেনাইজেচন (চিডিএছচি’)–এ৷ সংস্থাটোৰ প্রতিবেদনত ভয়াৱহ তথ্য সদৰী হৈছে৷ দৰবৰ গুণগত মানদণ্ড পৰীক্ষাৰ পিছত সতর্কতা জাৰি কৰি জনোৱা হৈছে যে এচিডিটী, কলেষ্টেৰল, আৰু ডায়েবেটিছৰ ৮৪বিধ দৰব বিপজ্জনক৷ বিভিন্ন ৰোগৰ মোকাবিলাৰ বাবে বজাৰত যিবোৰ দৰব বিক্রী কৰা হয়, নিয়মীয়াভাৱে তাৰ ওপৰত পৰীক্ষা চলায় কেন্দ্রীয় সংস্থা চিডিএছচি’ৰ বিষয়াসকলে৷ যোৱা বছৰৰ ডিচেম্বৰ মাহত সংস্থাটোৱে যুগুতোৱা প্রতিবেদন পোহৰলৈ আহিছে৷ এই প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এচিডিটী, কলেষ্টেৰল, ডায়েবেটিছ আৰু বিভিন্ন বীজাণুৰ জৰিয়তে সংক্রমিত ৰোগৰ মোকাবিলাৰ ক্ষেত্রত বজাৰত বিক্রী হৈ থকা ৮৪বিধ দৰব নিৰাপদ নহয়৷ এই দৰববোৰৰ গুণগত মানদণ্ড ৰোগৰ মোকাবিলা কৰিব পৰাবিধৰ নহয়৷ বৰঞ্চ এই দৰববোৰ ৰোগীৰ স্বাস্থ্যৰ বাবে বিপজ্জনকহে৷ গতিকে এই দৰববোৰ শীঘ্রে বজাৰৰ পৰা প্রত্যাহাৰ কৰাৰ নির্দেশ দিছে সংস্থাটোৱে৷ লগতে এই দৰব ৰপ্তানি কৰিব পৰা নাযাব বুলিও স্পষ্ট কৰি দিছে সংস্থাটোৱে৷ অৱশ্যে এই ৮৪বিধ দৰবৰ তালিকাত কোন কোন সংস্থাৰ দৰব আছে, সেয়া স্পষ্টভাৱে জানিব পৰা হোৱা নাই৷ কিন্তু বিষয়টো পোহৰলৈ অহাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ স্মর্তব্য যে ইয়াৰ পূর্বে যোৱা বছৰ ছেপ্ঢেম্বৰ মাহত চিডিএছচি’ৰ গুণগত মানদণ্ডৰ পৰীক্ষাত ব্যর্থ হৈছিল ৫৩বিধ দৰব৷ য’ত পেৰাছিটামলৰ উপৰি ক্লেভাম ৬২৫ৰ দৰে বহু পৰিচিত এণ্টিবায়’টিক আৰু পান ডিৰ দৰে বহুল ব্যৱহূত দৰবো আছিল৷ কেলছিয়াম আৰু ভিটামিন ডি থ্রী, চাপলিমেণ্ট, ডায়েবেটিছ নিয়ন্ত্রণত ৰখা দৰবৰ পৰা আৰম্ভ কৰি ৰক্তচাপ নিয়ন্ত্রণত ৰখাৰ দৰবো আছিল বিপজ্জনক তালিকাত৷ স্বাভাৱিকভাৱেই এই প্রতিবেদন প্রকাশৰ পিছত বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷ বহুল জনপ্রিয় দৰববোৰৰ যদি গুণগত মানদণ্ড সঠিক নহয়, তেন্তে সাধাৰণ মানুহৰ স্বাস্থ্য কেনেদৰে নিৰাপদ, তাক লৈ প্রশ্ন তুলিছে বিভিন্ন মহলে৷

You might also like