নিয়মীয়া বাৰ্তা ২০ জুনঃ ২০২১ চনৰ বিধানসভা নির্বাচনক লক্ষ্য কৰি বিজেপি আৰু কংগ্রেছ দলে আৰম্ভ কৰা কুচকাৱাজৰ সমান্তৰালভাৱে আঞ্চলিক দল অগপয়ো আৰম্ভ কৰিছে ব্যাপক নির্বাচনী প্রস্তুতি৷ ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিৱেশৰ বাবে নির্বাচনী সভা বা সাংগঠনিক সভা অনুষ্ঠিত কৰাক লৈ আহি পৰা বাধাৰ বাবে আঞ্চলিক দলটোৱে সেয়েহে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দলীয় কাম–কাজ তথা নির্বাচনী প্রস্তুতি আৰম্ভ কৰিছে৷ ইতিমধ্যে ৮৫টা সমষ্টিক লক্ষ্য কৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে কাম–কাজ আগুৱাই নিয়া অগপই শুকুৰবাৰে এই উদ্দেশ্যে অনুষ্ঠিত কৰে এক গুৰুত্বপূর্ণ বৈঠক৷ দলৰ সভাপতি তথা মন্ত্রী অতুল বৰাৰ নেতৃত্বত বহা এই সভাৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰি কেইবাটাও কার্যসূচী প্রস্তুত কৰা হয়৷ দলৰ সাধাৰণ সম্পাদক তথা মুখপাত্র মনোজ শইকীয়াই এই সন্দর্ভত জানিবলৈ দিয়া মতে ২০২১ চনৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি দলৰ বিষয়ববীয়া আৰু সদস্যসকলৰ কৰণীয় কাম–কাজৰ ওপৰত আলোচনা কৰা হয় এই সভাত৷ বিশেষকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে দলৰ ব্যাপক প্রচাৰ আৰু প্রসাৰ বৃদ্ধিৰ বাবে এই বৈঠকতে এলানি গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেইমর্মে ১৯৮৫ চনৰ পৰা বিভিন্ন নির্বাচনত অগপই জয়লাভ কৰা ৮৫টা সমষ্টি লক্ষ্য কৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে দলৰ কাম–কাজ আগুৱাই নিয়া আৰু জনসম্পর্ক বৃদ্ধিত গুৰুত্ব দিয়া হৈছে৷ ইতিমধ্যে বিভিন্ন সমষ্টিত ৫০ শতাংশৰো অধিক কাম ছ’চিয়েল মিডিয়াৰ জৰিয়তে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ অহা সাত দিনৰ ভিতৰত অন্য সমষ্টিসমূহতো ছ’চিয়েল মিডিয়াৰ প্রসাৰতা বৃদ্ধি কৰা হ’ব৷ ছ’চিয়েল মিডিয়াৰ বাবে নিয়োজিত সমষ্টিসমূহৰ দায়িত্বপ্রাপ্ত সদস্যসকলক লৈ গুৱাহাটীত এই মাহৰ শেষৰফালে অগপই বিশেষ প্রশিক্ষণৰো ব্যৱস্থা কৰা বুলি মনোজ শইকীয়াই জানিবলৈ দিয়ে৷
ইফালে, শুকুৰবাৰৰ বৈঠকতে অহা জুলাই মাহৰ প্রথম সপ্তাহত জিলা সভাপতি, সম্পাদকসকলক লৈ এখন সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ এই বৈঠকত দলীয় কাম–কাজৰ লগতে জনসম্পর্ক বৃদ্ধিত সর্বাধিক গুৰুত্ব দিয়ে নেতাসকলে৷ সমান্তৰালভাৱে বিগত সময়ছোৱাত দলৰ নেতাসকলে ৰাজ্যৰ সমস্যাৱলীৰ ক্ষেত্রত কি ধৰণৰ বক্তব্য দাঙি ধৰিছে, তাক প্রচাৰ কৰাৰ লগতে ৰাষ্ট্রীয় নেতাসকলৰ সৈতে দলৰ নেতাসকলৰ আলোচনা, দলীয় সিদ্ধান্ত, তিনিগৰাকী মন্ত্রীয়ে গ্রহণ কৰা উন্নয়নমূলক আঁচনিসমূহ ছ’চিয়েল মিডিয়াৰ জৰিয়তে দাঙি ধৰাৰো বিশেষভাৱে আলোচনা কৰা হয়৷ দলৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্য, নুৰুল হুছেইন, ভূপেন ৰায়, প্রবীণ হাজৰিকা, বিধায়ক সত্যব্রত কলিতা, মনোজ শইকীয়াকে ধৰি কেইবাজনো দলীয় নেতা উপস্থিত থকা সভাখনৰ পাছতে দলৰ ভাতৃ সংগঠনসমূহৰ সৈতে আন এখন বৈঠক অনুষ্ঠিত হয় আঞ্চলিক দলটোৰ আমবাৰীস্থিত মুখ্য কার্যালয়ত৷ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ আৰু ছাত্র পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা বৈঠকখনত বিভিন্ন সাংগঠনিক দিশ আলোচনা কৰে অগপ নেতৃত্বই৷ আজি দলে অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱস পালনৰ সিদ্ধান্ত গ্রহণ কৰে৷