নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৭ খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটেঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ  ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা দাবী অনুসৰি বিজেপি মিত্ৰজোঁটে ৮৭খন আসন লাভ কৰিব।

জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী ড০ শৰ্মাই আমিনগাঁৱৰ এটা ভোটকেন্দ্ৰত পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মা সহিতে ভোটদান কৰি এই দাবী কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৪৭খন আসনৰ ভিতৰত ৪০ খন, দ্বিতীয় পৰ্যায়ৰ ৩৯খনৰ ২৫ আৰু তৃতীয় পৰ্যায়ৰ ৪০ খনৰ ভিতৰত ২২খন আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিব।

“যোৱাবাৰ আমি ৮৪খন আসন পাইছিলোঁ। এইবাৰ আমি যোৱাবাৰতকৈ বেছি আসন পাম।”-এনেদৰে উল্লেখ কৰে ড০ শৰ্মাই।

You might also like