নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব নালাগেঃ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা

নিয়মীয়া বাৰ্তা, ১৫ মার্চ: অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাত নাহিদ আফ্ৰিনে ভুলকৈ এই সন্মান লাভ কৰা বুলি চলি থকা বিতৰ্কৰ মাজতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি স্পষ্ট কৰি দিয়ে যে গীতটোৰ বাবে নহয়, কণ্ঠশিল্পী বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছে।

বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে, “বঁটা প্ৰদানৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হয় প্ৰযোজকসকলে আবেদন পত্ৰ জমা দিয়াৰ পৰা, য’ত ‘নিজানৰ গান’ চিনেমাখনৰ প্ৰযোজকে নাহিদ আফ্ৰিনৰ কথা উল্লেখ কৰিছিল যদিও গীতটোৰ নাম উল্লেখ কৰা নাছিল। জুৰীৰ সদস্যসকলে যেতিয়ালৈকে প্ৰযোজক বা পৰিচালকে গীতটো বা শিল্পীজনক মনোনীত নকৰে তেতিয়ালৈকে জুৰীয়ে উক্ত গীত বা শিল্পীজনক বঁটাৰ বাবে নিৰ্বাচন কৰিব নোৱাৰে। মানুহৰ ভুল হ’ব পাৰে যাৰ বাবে ই এতিয়া বিতৰ্কলৈ পৰিণত হৈছে।”

তেওঁ লগতে কয়, ‘যেনেকৈ আবেদন পত্ৰত নাহিদ আফ্ৰিনৰ কথা উল্লেখ আছিল, তেনেকৈয়ে প্ৰমাণপত্ৰত গীতটোৰ নাম ভুলকৈ দাখিল কৰা হৈছিল যদিও তেওঁ সন্মান লাভ কৰিছে। তেওঁ বঁটা ঘূৰাই দিয়াৰ প্ৰয়োজন নাই।”

লগতে এই বিতৰ্ক ইয়াতে সমাপ্ত কৰি অসমৰ বোলছবি জগতক আগুৱাই লৈ যোৱাত কৰণীয় কাম কৰি যাবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।

You might also like