নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৯০ শতাংশ চাকৰি অসমৰ স্থায়ী বাসিন্দাৰ বাবে হব সংৰক্ষণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ আগষ্টঃ ৰাজ্যৰ ৯০ শতাংশ চাকৰি সংৰক্ষিত হ’ব অসমৰ স্থায়ী বাসিন্দাৰ বাবে৷ বিগত দীর্ঘ সময় ধৰি চাকৰিত থলুৱাৰ এশ শতাংশ নিযুক্তিৰ দাবী উত্থাপন হৈ অহাৰ সময়তে আজি বিধানসভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ থলুৱা নিবনুৱাৰ বাবে সুখবৰ কঢ়িয়াই এই ঘোষণা কৰিলে৷ উল্লেখ্য যে আজি বিধানসভাত উত্থাপন হয় ‘দি আসাম ৰাইট টু পাব্লিক ছার্ভিচেছ (এমেণ্ডমেণ্ট) অ’র্ডিনেন্স ২০২৪’৷ ইয়াৰ দ্বাৰা তৎকালীনভাৱে আইন প্রণয়নৰ প্রয়োজনীত পৰিস্থিতি সম্পর্কে ব্যাখ্যা কৰি মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰে যে ৰাজ্যৰ প্রতিটো চাকৰিৰ ক্ষেত্রত থলুৱা যুৱক–যুৱতীয়ে যাতে সুযোগ লাভ কৰে, তাৰ বাবে ৯০ শতাংশ চাকৰি সংৰক্ষিত কৰা হ’ব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে অচিৰেই এক স্থায়ী বাসিন্দা (ড’মিচাইল)ৰ নীতি গ্রহণ কৰিব৷ সদনত মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ চাকৰিসমূহত যাতে বাহিৰৰ যুৱক–যুৱতীয়ে সুযোগ ল’ব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে স্থায়ী বাসিন্দাৰ নীতি চলিত বর্ষতেই গ্রহণ কৰিব৷ ইয়াৰ ফলত স্থায়ী বাসিন্দা নোহোৱা প্রার্থীয়ে ১০ শতাংশ চাকৰিতহে আৱেদন কৰিব পাৰিব৷ যিহেতু ন্যায়ালয়ত নির্দেশ আছে যে চাকৰিৰ ক্ষেত্রত সংৰক্ষণ কৰিব নোৱাৰি, সেই দিশটোৰ প্রতি নজৰ দিয়েই বিধানসভাত আইন প্রণয়ন কৰি চাকৰি সংৰক্ষণৰ ক্ষেত্রত এই পদক্ষেপ গ্রহণ কৰা হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে ৯০ শতাংশ চাকৰি থলুৱাৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে যি ১০ শতাংশ বাহিৰৰ প্রার্থীৰ বাবে খোলা থাকিব, সেইসকল প্রার্থীয়েও চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্রমাণপত্র (পিআৰচি) দিব লাগিব৷ স্থায়ী বাসিন্দাৰ নীতি পিআৰচিতকৈ অধিক বৃহৎ হ’ব৷ যিহেতু ৰাজ্যত বাহিৰৰ প্রার্থীয়ে দুবছৰ থাকিলেই পিআৰচি লাভ কৰিব পাৰে, গতিকে চাকৰিৰ ক্ষেত্রত এশ শতাংশই পিআৰচিৰ প্রয়োজন হ’ব৷ কিন্তু স্থানীয় প্রার্থীৰ বাবে স্থায়ী বাসিন্দা নীতি প্রযোজ্য হ’ব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে যথেষ্ট কঠোৰ পদক্ষেপ গ্রহণ কৰিব৷ ড’মিচাইল নীতি গ্রহণ কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে দল–সংগঠনৰ পৰাও মতামত–পৰামর্শ গ্রহণ কৰিব৷ মুখ্যমন্ত্রীয়ে কয়– ইয়াৰ ফলত অসমৰ চাকৰিসমূহ স্থানীয় প্রার্থীৰ বাবে সুৰক্ষিত হৈ থাকিব৷ অসমত টাটাই ছেমি কণ্ডাক্টৰৰ যি উদ্যোগ স্থাপন কৰিব আহিছে, এইক্ষেত্রতো এশ শতাংশ থলুৱা যুৱক–যুৱতীক কাম দিয়াৰ বাবে কোৱা হৈছে৷ কিন্তু স্থায়ী বাসিন্দাৰ নীতি গ্রহণ কৰিলে সেইধৰণৰ প্রস্তাৱ দিয়াৰ কোনো প্রয়োজন নহ’ব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে যাতে কাৰিকৰী দিশত এই নীতি কিছু সিথিল কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ কিয়নো কাৰিকৰী দিশত আমাৰ ৰাজ্যত পর্যাপ্ত দক্ষ লোক নাই৷ এনেক্ষেত্রত কাৰিকৰী পদৰ বিপৰীতে ৰাজ্য চৰকাৰৰ ড’চিইল নীতি প্রয়োগ কৰিলেও বাহিৰৰ পৰা উদ্যোগ অহা বন্ধ হ’ব৷ গতিকে আমি সকলো দিশ চালিজাৰি চাই এই নীতি গ্রহণ কৰা হ’ব৷ মন কৰিবলগীয়া যে ৰাজ্যৰ চাকৰি সংৰক্ষিত কৰাৰ বাবে চৰকাৰে এক স্থায়ী বাসিন্দাৰ নীতি গ্রহণ কৰাটো ইতিমধ্যে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰিছে৷

You might also like