নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰা মহাবিদ্যালয়ত ৯০৯গৰাকী ছাত্ৰীলৈ নিযুত মইনাৰ চেক

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ ৰঙাপৰা মহাবিদ্যালয়ত কালি অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ চেক ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় । প্ৰাপ্ত তথ্য অনুসৰি, ৰঙাপৰা মহাবিদ্যালয়ত কালি দিনৰ ১১ বজাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলাৰ অতিৰিক্ত আয়ুক্ত তাহিৰ আলম, সহকাৰী আয়ুক্ত নীলোৎপল চেতিয়া, বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া উদয় ভাস্কৰ শৰ্মাই ক্ৰমে ৰঙাপৰা মহাবিদ্যালয়, বালিপৰা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মানশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিন্দুকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰ্বমুঠ ৯০৯গৰাকী ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like