নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯৬ বছৰীয়া ধুবুৰী কালীবাৰীৰ দুৰ্গাপূজা

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : ধুবুৰীৰ সনাতন ধৰ্মৰ ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠান কালীবাৰীৰ দুৰ্গাপূজাই এইবাৰ ৯৬ বছৰত ভৰি দিলে। ১৯২৮ চনত প্ৰতিষ্ঠা লভাৰ পিছৰ পৰাই ধুবুৰী হৰিসভাত দুৰ্গাপূজা হৈ আহিছে। সম্পূৰ্ণ মাংগলিক নিয়ম-নীতিৰ মাজেৰে হোৱা এইখন বিশেষ দুৰ্গা পূজাৰ ধুবুৰীৰ ধৰ্মপ্ৰাণ ৰাইজৰ মাজত বিশেষ সমাদৰ আছে। উল্লেখ্য যে দুৰ্গাপূজাৰ দিনকেইটাত কালীবাৰীত আয়োজিত হৈ অহা বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীকে ধৰি মহিলা আৰু শিশুসকলৰ বাবে আয়োজিত হৈ অহা বিভিন্ন প্ৰতিযোগিতাও এই পূজাখনৰ আন এক আকৰ্ষণ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

 

You might also like