ৰাজ্যিক চিৰিয়াখানালৈ ৯৭.১২ কোটি, ৰংঘৰলৈ ৯৪.৭৬ কোটি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ নৱেম্বৰঃ ৰাজ্যৰ দুটা পর্যটন প্রকল্পক বিশ্বমানলৈ উন্নীতকৰণৰ বাবে বাছনি কৰিছে কেন্দ্রীয় চৰকাৰে৷ এই দুটা মনোমোহা পর্যটন কেন্দ্রৰ উন্নয়নৰ হেতু মূলধনী বিনিয়োগৰ বাবে বিশেষ সাহায্যতো অনুমোদন জনোৱা হৈছে৷ কেন্দ্রীয় পর্যটন মন্ত্রালয়ৰ বাছনি লাভ কৰা অসমৰ প্রকল্প দুটা হ’ল– গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যান আৰু শিৱসাগৰস্থিত ৰংঘৰ৷ মূলধনী বিনিয়োগৰ বাবে বিশেষ সাহায্য হিচাপে অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানলৈ ৯৭.১২ কোটি টকা আগবঢ়োৱাৰ বিপৰীতে ঐতিহাসিক ৰংঘৰৰ সৌন্দর্যবর্ধনৰ বাবে অনুমোদন জনোৱা হৈছে ৯৪.৭৬ কোটি টকাৰ পুঁজিত৷ ইয়াৰ কাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৃতজ্ঞতা প্রকাশ কৰিছে৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয়– ৰাজ্যৰ সর্বাংগীণ বিকাশ আৰু উন্নয়নৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে সদায় গুৰুত্ব প্রদান কৰি আহিছে৷ মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্যৰ অধীনত অসমৰ দুটা চিনাকি পর্যটন স্থান ৰংঘৰ আৰু ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ ক্ষেত্রত প্রায় ২০০ কোটি টকাৰ অনুমোদন জনোৱাৰ কাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷