নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী কালীবাড়ীৰ দুৰ্গাপূজাৰ ৯৭ বছৰ

নিয়মীয়া বাৰ্তা,  ৭ অক্টোবৰ : সনাতন ধৰ্মৰ অন্যতম পীঠস্থান ধুবুৰী কালীবাড়ীৰ দূৰ্গাপূজাই এইবাৰ ৯৭ বছৰ স্পৰ্শ কৰিব। উল্লেখ্য যে ১৯২৮ চনতেই স্থাপিত ধুবুৰী কালীবাড়ীৰ সৈতে জড়িত হৈ আছে তদানীন্তন গোৱালপাৰা জিলাৰ এক গুৰুত্বপূৰ্ণ ইতিহাস। মাটিৰ গৃহৰে আৰম্ভ হোৱা কালীবাড়ী সময়ৰ গতিত বৰ্তমানে এক মহীৰূপস্বৰূপ প্ৰতিষ্ঠান ধুবুৰীৰ। জাকজমকতা নহয়, আধ্যাত্মিকতাক প্ৰাধান্য দিয়া ধুবুৰী কালীবাৰীৰ দুৰ্গাপূজাৰ এক নিজস্ব কদৰ আছে ভক্তিপ্ৰাণ ৰাইজৰ মাজত। অষ্টমীৰ দিনা কালীবাড়ীত অনুষ্ঠিত হোৱা কুমাৰী পূজা এই পূজাখনৰ এক বিশেষ আকৰ্ষণ। উল্লেখ্য যে ধুবুৰী কালীবাড়ীৰ সৈতে স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বোসৰ এক স্মৃতিও জড়িত হৈ আছে। ১৯৩৮ চনত ৰালীবাড়ী প্ৰসংগত এখন সভাত অংশগ্ৰহণ কৰিছিল নেতাজীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like