নিয়মীয়া বাৰ্তা, ১৪ মেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তিৰ উপলক্ষে আজি দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয় “বিশেষ অভিযান” কাৰ্যসূচী। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কেইবাটাও চৰকাৰী কাৰ্যসূচী আৰু গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অংশগ্ৰহণকাৰী দুলীয়াজান সমষ্টিৰ অন্তৰ্গত বিহুৱা-বিহুৱতীক অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত ১১গৰাকী প্ৰশিক্ষকসহ মুঠ ২০০গৰাকী বিহুৱা-বিহুৱতীক মানপত্ৰ আৰু বিহুৱানেৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰছ গোৱালাই। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসা সাহাৰ্য পুঁজিৰ পৰা দুলীয়াজানৰ ১০০গৰাকী জ্যেষ্ঠ নাগৰিকক দহ হাজাৰকৈ চেক বিতৰণ, দক্ষতা বিকাশৰ হিতাধীকাৰীক সাহাৰ্য প্ৰদান, পি এইচ ই ডি বিভাগৰ দ্বাৰা জলজীৱন মিচনৰ দুটাকৈ প্ৰকল্প উপভোক্তা সমিতিক দায়িত্ব অৰ্পণ, এচ বি আই কানাড়া আৰু পঞ্জাৱ নেচনেল বেংকে বহুকেইজন হিতাধীকাৰীক ঋণ প্ৰদান, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰা ১০গৰাকীক অগ্ৰাধিকাৰ ভিত্তিত ৰেচন কাৰ্ড, হেলথ কাৰ্ড আদি বিতৰণ কৰা হয়। বিজেপিৰ দুলীয়াজান মণ্ডলৰ সভাপতি সুদৰ্শন বসুমতাৰীয়ে আঁত ধৰা বিশেষ অনুষ্ঠানটোত উপস্থিত থাকে অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলাৰ বিভাগীয় চৰকাৰী বিষয়া আৰু পঞ্চায়তৰ প্ৰতিনিধি সকল ।
প্ৰেৰক কৃষ্ণা গগৈ