নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : ঢকুৱাখনা খণ্ড বন বিষয়া কার্যালয়ৰ অধীনৰ মাতমৰাৰ মদাৰগুৰিত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। আজি পুৱাই অঞ্চলটোৰ এঘৰ লোকৰ বাৰীৰ পিছফালে থকা ঔটেঙা গছত অজগৰডাল প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে ঢকুৱাখনা বন বিভাগক। ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঢকুৱাখনা বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় অজগৰডাল। উদ্ধাৰ কৰা অজগৰডালৰ দৈৰ্ঘ্য ১০ ফুট, ওজন প্ৰায় ১২ কিলোগ্ৰাম। পৰৱৰ্তী সময়ত সাপডাল মুকলি কৰি দিয়ে কোৱাবাৰী দলনিত। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ মুৰ্গী, হাঁহ আদি ভক্ষণ কৰি আহিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা