🔹 অপহৰণকাৰীৰ চাঞ্চল্যকৰ ভাষ্য : নিৰ্মল দাসক কৰায়ত্ত
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাই গাঁৱৰ এগৰাকী দহ বছৰীয়া শিশু অপহৰণৰ সৈতে জড়িত অপহৰণকাৰীক আজি ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। স্থানীয় লোকে জনোৱা মতে, ১৮ ফেব্ৰুৱাৰীত জামলাই গাঁৱৰ প্ৰয়াত শ্বাহাদত আলীৰ শিশু পুত্ৰ হাফিজুৰ ৰহমান (১০)ক বিদ্যানগৰ গাঁৱৰ সহদেৱ দাসৰ পুত্ৰ নিৰ্মল দাসে ফুচুলাই অপহৰণ কৰি লৈ যায় যদিও অপহৃত হাফিজুৰ ৰহমানৰ ঘৰৰ কাষতে অপহৰণকাৰীয়ে তেওঁৰ চাইকেলখন এৰি থৈ যায়। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ শিশুটিক বিচাৰি নাপাই পৰিয়ালৰ লোকে কালি নগৰবেৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইপিনে, আজি অপহৰণকাৰী নিৰ্মল দাসে এৰি থৈ যোৱা চাইকেলখন ল’বলৈ অহাত পৰিয়ালৰ লোকৰ সন্দেহ হয় আৰু একাংশ লোকৰ সহযোগত নিৰ্মল দাসক কৰায়ত্ত কৰে। পিছত স্থানীয় লোকে নিৰ্মল দাসক সোধা-পোছা কৰাত তেওঁ হাফিজুৰ ৰহমান নামৰ শিশুটিক অপহৰণ কৰাৰ কথা স্বীকাৰ কৰে। শিশু অপহৰণকাৰী নিৰ্মল দাসে ব্যক্ত কৰা মতে, অপহৃত হাফিজুৰ ৰহমান নামৰ শিশুটিক আজি পুৱা গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনৰ পৰা নামনিমুৱা ৰে’লত উঠাই দিয়ে আৰু শিশুটি ধূপধৰাত নামিব বুলি কয়। অপহৰণকাৰী নিৰ্মল দাসৰ এই ভাষ্য সম্পূৰ্ণৰূপে ৰহস্যজনক। কিয়নো বিদ্যানগৰৰ পৰা শিশুটিক যদি ধূপধৰাত পঠিয়াবলগীয়া আছিল, তেন্তে কি কাৰণত শিশুটিক গুৱাহাটীলৈ নিয়া হৈছিল? সমগ্ৰ ঘটনাত অপহৰণকাৰী নিৰ্মল দাসৰ সৈতে মানৱ সৰবৰাহকাৰীৰ দল জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইপিনে, কিছুদিন পূৰ্বেও নিৰ্মল দাসে আন এটি শিশুক অপহৰণ কৰিছিল যদিও পৰিয়ালৰ লোকৰ তৎপৰতাত দুদিন পিছত উদ্ধাৰ হৈছিল শিশুটি। আৰক্ষীয়ে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তসাপেক্ষে অপহৰণ কাণ্ডৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে অঞ্চলবাসীয়ে।
প্ৰেৰক ৰবিউল হুছেইন