নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰাৰোগ্য ৰোগত আক্ৰান্ত বাঘবৰৰ চৈধ্য বছৰীয়া কিশোৰ

🔹 মুখ্যমন্ত্ৰীক হাতযোৰ কৰি সহায় ভিক্ষা দুৰ্ভগীয়া পিতৃৰ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ : বাঘবৰৰ এটি অসহায় পৰিয়ালৰ কৰুণ জীৱনগাথা। উল্লেখযোগ্য যে পশ্চিম দেউলদিৰ বাসিন্দা আমিনুল ইছলামৰ একমাত্ৰ পুত্ৰ সন্তান অষ্টম শ্ৰেণীৰ ছাত্ৰ চৈধ্য বছৰীয়া শ্বৰিফুল ইছলাম নামৰ কিশোৰজন বিগত দহ মাহ ধৰি দুৰাৰোগ্য ব্লাড কেন্সাৰ ৰোগত ভুগি আছে। কিশোৰগৰাকী সম্প্ৰতি বৰপেটা মেডিকেল কলেজৰ চিকিৎসালয়ৰ বিছনাত জীৱন-মৃত্যুৰে যুঁজি আছে। উল্লেখযোগ্য যে কিশোৰগৰাকীৰ এতিয়া প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ। কিন্তু সৰ্বস্ব হেৰুওৱা পিতৃয়ে অৰ্থৰ অভাৱত ৰুগীয়া পুত্ৰক উন্নত চিকিৎসা প্ৰদান কৰাত অপাৰগ হৈ পৰিছে । ইফালে, প্ৰতি দহ দিনৰ মূৰে মূৰে কিশোৰগৰাকীৰ দেহত অতিৰিক্ত তেজৰ প্ৰয়োজন হৈ পৰিছে । কিন্তু ধনৰ অভাৱত দুৰ্ভগীয়া পৰিয়ালটিয়ে তেজ যোগান ধৰাতো অপাৰগ হৈ পৰিছে। ফলত দিনকদিনে কিশোৰগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে । সেয়ে দুৰ্ভগীয়া পিতৃয়ে এতিয়া হাতযোৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা সুহৃদজনৰ পৰা বিচাৰিছে সহায় ভিক্ষা। যদি কোনো হৃদয়ৱানে চিকিৎসালয়ৰ বিছনাত শয্যাশায়ী হৈ থকা কিশোৰগৰাকীক আৰ্থিকভাৱে সহায় আগবঢ়াব বিচাৰে. তেন্তে পিতৃৰ নামত থকা 9101752173 ফোনপেʼ নম্বৰত সহায় কৰিব পাৰে। অন্যথা পিতৃ আমিনুল হক চৌধুৰীৰ মন্দিয়া শাখাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট 7109 010005008 নম্বৰত সহায় কৰিবলৈ পিতৃয়ে কাতৰ আহ্বান জনাইছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like