🔹 মানসিক বিকাৰগ্ৰস্ত ৰিজাবুলৰ সন্ধান বিচাৰি পৰিয়ালত হাহাকাৰ
নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত জোৰডাল প্ৰথম খণ্ড গাঁৱৰ আব্দুল বাতেনৰ বিবাহিত পুত্ৰ ৰিজাবুল হক যোৱা ২৩ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছে। লক্ষণীয় যে ২৩ তাৰিখে ৰিজাবুল হকে সন্ধিয়া সময়ত জোৰডংগা বজাৰলৈ ওলাই গৈছিল যদিও লোকজন ঘৰলৈ উভতি নাহিল। ইতিমধ্যে পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত তথা বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰাৰ পিছতো ৰিজাবুল হকৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোকে মানকাচৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। আজি পোন্ধৰ দিন উকলি যোৱাৰ পিছতো সন্ধানহীন লোকজনৰ কোনো খা-খবৰ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে। ইয়াকে লৈ পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰিছে। উল্লেখযোগ্য যে ৰিজাবুল হক নামৰ লোকজনৰ উচ্চতা 5 ফুট 6 ইঞ্চি, পিন্ধনত টি-ছার্ট আৰু লংপেন্ট আছিল। তদুপৰি লোকজন মানসিক বিকাৰগ্ৰস্ত । যদি কোনো সদাশয় ব্যক্তিয়ে সন্ধানহীন ৰিজাবুল হকৰ সম্ভেদ লাভ কৰে, তেন্তে মানকাচৰ আৰক্ষী থানা তথা 96781-36786 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
প্ৰেৰক ফাৰহাদ আহমেদ