নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোপতিত দুৰ্ঘটনাত পতিত হৈ গাড়ীটনা ঘোঁৰাৰ মৃত্যু

🔹 দুৰ্ঘটনাগ্ৰস্ত ঘোঁৰা এৰি সামগ্ৰী লৈ গাড়োৱানৰ পলায়ন

নিয়মীয়া বাৰ্তা, ১ জুন : জীৱশ্ৰেষ্ঠ মানৱৰ নিন্দনীয় চৰিত্ৰ পোহৰলৈ আহিছে। বিপদৰ পৰত নিজৰ পোহনীয়া পশুধনক জীৱন-মৃত্যুৰে যুঁজিবলৈ এৰি দি পলাল ঘোঁৰাগাড়ীৰ গাড়োৱান | বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাৰইৰদিয়াত শুকুৰবাৰে সন্ধিয়া এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয় | পথাৰৰ পৰা খেতিৰ মাকৈ কঢ়িওৱা ঘোঁৰাগাড়ী এখন চকা পিছলি পথৰ নামনিত জলমগ্ন দ খাৱৈত বাগৰি পৰে | অতিমাত্ৰা বোজা কঢ়িয়াই বিধ্বস্ত পথত গাড়ীসহ খাৱৈত লুটি খাই পৰিল ঘোঁৰা। ফলত জলমগ্ন স্থানতেই ছটফটাই থাকিল ঘোঁৰাটো। অসহায় ঘোঁৰাটিক উদ্ধাৰৰ পৰিৱৰ্তে গাড়ীৰ বোজা আন এখন ঘোঁৰাগাড়ীত তুলি গাড়োৱানজনে পলাই যোৱা বুলি জানিব পৰা গৈছে | অসহায় ঘোঁৰাটিয়ে বহুপৰ ছটফটাই থাকি অৱশেষত গৰাকীৰ সহায়ৰ অভাৱতে কৰুণ মৃত্যুক আঁকোৱালি লোৱা বুলি স্থানীয় লোকে ক্ষোভ উজাৰে | শনিবাৰে পুৱাৰ ভাগত দুই-এজন আন ঘোঁৰাগাড়ীৰ চালক সেই স্থানত উপস্থিত হৈ মৃত ঘোঁৰাটিৰ লগতে গাড়ীখন বামলৈ তোলে। পিছে মৃত ঘোঁৰা আৰু গাড়ীখন কাৰ সেয়াহে এই মুহূৰ্তলৈ জানিব পৰা নগ’ল |গাড়োৱানে বিপদাপন্ন পশুক সহায়ৰ পৰিৱৰ্তে মাল-বস্তুখিনিকহে অধিক গুৰুত্ব দিয়া কাণ্ডক সকলোৱে ধিক্কাৰ দিছে | জীৱশ্ৰেষ্ঠ মানৱৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডক গৰিহণা দিছে সচেতন মহলে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like