🔹 বাসগৃহ-লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত দুৰ্বিন টিলা অঞ্চলত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্বিন টিলা গাঁৱৰ হৰকা বাহাদুৰ ছেত্ৰী নামৰ লোকজনৰ বাসগৃহত হঠাৎ জুই লাগে। জুইৰ লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰে বাসগৃহটো। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সামগ্ৰী, নথি-পত্ৰৰ লগতে নগদ ৩৫ হাজাৰ টকা জুইত জাহ যায়। ইফালে, উক্ত অগ্নিকাণ্ডৰ বিষয়ে আৰক্ষীক অৱগত কৰোৱাৰ পিছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও ইয়াৰ পূৰ্বে বাসগৃহটো জ্বলি ভস্মীভূত হয়। উল্লেখযোগ্য যে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা সময়ত হৰকা বাহাদুৰৰ ঘৰত কোনো নথকাৰ বাবে অগ্নিকাণ্ডৰ ঘটনাৰ কেনেকৈ সূত্ৰপাত হ’ল, সেই বিষয়ে নিশ্চিত হ’ব পৰা নাই।
প্ৰেৰক হেমন্ত কুমাৰ নাথ