নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা শিলচৰ পৰটাপট্টিত বিধ্বংসী অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : নিশা শিলচৰ চহৰৰ পৰটাপট্টি অঞ্চলত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড । ভস্মীভূত হৈছে তিনিখন ব্যবসায়িক প্ৰতিষ্ঠান । নিশা ১ বজাত হঠাৎ জুই প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে । মুহূৰ্ততে জুইৰ লেলিহান শিখাই ছানি ধৰে সমগ্ৰ অঞ্চল । খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে যদিও জ্বলি ভস্মীভূত হয় দুখন সাৰৰ দোকানৰ লগতে এখন তামোল-পাণৰ দোকান। ভয়ংকৰ এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ ক্ষয়-ক্ষতি হৈছে ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like