নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ দক্ষিণ বালাৰপাথাৰত ভয়াৱহ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ : কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত গাঁওখনৰ ছানিদুল ইছলাম নামৰ লোকজনৰ দুটা বাসগৃহসহ নথি-পত্ৰ, সোণ-ৰূপৰ আ-অলংকাৰকে আদি কৰি ৫ লক্ষাধিক টকাৰ সম্পত্তি মুহূৰ্তৰ ভিতৰত পুৰি ছাই হয় ৷ উল্লেখ্য যে ঘৰটোত জুই জ্বলাৰ সময়ত পৰিয়ালৰ কোনো লোক ঘৰত নাছিল ৷ ছানিদুল ইছলাম কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু তেওঁৰ পত্নীও আজি ঘৰত নাছিল ৷  শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড সংঘটিত হয় বুলি সন্দেহ কৰে ৰাইজে ৷ ইপিনে, কলগাছিয়াৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ যায় যদিও ৰাস্তা নথকাত আধা পথতে গাড়ী ৰ’বলগীয়া হয় ৷ এইক্ষেত্ৰত স্থানীয় বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে ৷

প্ৰেৰক মফিদুল ইছলাম

You might also like