🔹 ৫ বিপণীৰ কেইবালক্ষ টকাৰ সামগ্ৰী ছাইত পৰিণত
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : চিৰাং জিলাৰ ঢালিগাঁও দৈনিক বজাৰ চৌহদত যোৱানিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত পাঁচখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেইবালক্ষ টকাৰ সামগ্ৰী জ্বলি ছাই হয়। পুৱতিনিশা আনুমানিক ৩.৩০ বজাত সংঘটিত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে বিপণীকেইখন জ্বলি ছাই হয় বুলি সন্দেহ কৰা হৈছে। ঢালিগাঁও দৈনিক বজাৰ চৌহদত একেটা শাৰীতে থকা প্ৰতিষ্ঠিত বিপণী ক্ৰমে মনোৰমা বুক ষ্টল, কলিতা এন্টাৰপ্ৰাইজ, কামাখ্যা গিফ্ট কৰ্ণাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে সূত্ৰধৰ ফাৰ্নিচাৰ হাউছ আৰু মাঁ বেল মেটেল এণ্ড গিফ্ট আইটেম ষ্টোৰ নামৰ বিপণী দুখন আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। মনোৰমা বুক ষ্টলৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে, ডি পি এছ ঢালিগাঁৱৰ অভিভাৱকে নতুন শিক্ষাবৰ্ষৰ পাঠ্যপুথি ক্ৰয়ৰ বাবে জমা দিয়া আগধনৰ ৭৫ হাজাৰ টকাৰ লগতে বিপণীত মজুত থকা কিতাপ-কাগজ, আচবাব আদি কৰি ২৫ লক্ষাধিক টকাৰ সামগ্ৰী জ্বলি ছাই হয়। কলিতা এন্টাৰপ্ৰাইজৰ প্ৰায় ৩০ লাখ টকা আৰু কামাখ্যা গিফ্ট কৰ্ণাৰৰ ২৫ লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয়। মাঁ বেল মেটেল এণ্ড গিফ্ট আইটেম ষ্টোৰ আৰু সূত্ৰধৰ ফাৰ্নিচাৰ হাউছৰ প্ৰায় এক লাখকৈ টকাৰ সামগ্ৰী জুয়ে নষ্ট কৰে বুলি স্বত্বাধিকাৰীদ্বয়ে জানিবলৈ দিয়ে। ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনী আৰু বঙাইগাঁও শোধনাগাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ লগতে আৰক্ষী তথা স্থানীয় ৰাইজৰ চেষ্টাৰ ফলত দুঘন্টাৰ ভিতৰতে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। ফলত বজাৰ চৌহদত থকা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বেংক, অন্য অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ ৰক্ষা পৰে।
প্ৰেৰক বিপুল কুমাৰ দাস