নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাইৰ মধু শৌলমাৰীত আজি আবেলি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। উক্ত অগ্নিকাণ্ডত পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে, সংশ্লিষ্ট আৰক্ষী থানাৰ এলেকাধীন জামলাইৰ মধু শৌলমাৰীৰ বাসিন্দা কিতাপ আলীৰ ঘৰত হঠাৎ জুইৰ সূত্ৰপাত ঘটাত জুইৰ লেলিহান শিখাই মুহূৰ্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰি পৰিয়ালটোৰ দুটাকৈ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । উক্ত অগ্নিকাণ্ডত ধান-চাউলৰ লগতে নগদ ধনসহ সোণ-ৰূপৰ আ-অলংকাৰ আৰু বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায় ।শ্বৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে। এই বিধ্বংসী অগ্নিকাণ্ডক লৈ চাঞ্চল্য বিয়পে জামলাই অঞ্চলত |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস