নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত বিধ্বংসী অগ্নিকাণ্ডত ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী : সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰবাৰী গাঁৱত আজি এটা বাসগৃহ ভস্মীভূত হোৱাত পৰিয়ালটো দিশহাৰা হোৱাৰ লগতে নগদ ধনসহ ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় ৷ প্ৰাপ্ত তথ্য মতে, বৰবাৰী গাঁৱৰ ৰণোজ পেগু (৪৬) নামৰ লোকজনে আন দিনাৰ দৰে কামলৈ ওলাই যোৱাৰ পিছতে দিনৰ প্ৰায় ১০.৩০ বজাত নিজৰ অসুস্থ কন্যা সন্তানক লৈ পত্নী শশী প্ৰভা পেগু শুই থাকে আৰু তেনে সময়তে এটা শব্দ হোৱাত মহিলাগৰাকীয়ে বাহিৰলৈ উঠি আহি বিদ্যুতৰ মিটাৰটো জ্বলি থকা দেখি ভয়ত বিতত হৈ চিঞৰ-বাখৰ কৰি কন্যা সন্তানটিক লৈ চাংঘৰৰ পৰা নামি অহাৰ মুহূৰ্ততে সমগ্ৰ ঘৰটো জুইৰ লেলিহান শিখাই আৱৰি ধৰে ৷

ঘটনাৰ খবৰ পোৱা মাত্ৰকে সোণাৰি চাপৰি আৰক্ষী আৰু ঢকুৱাখনাৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নুমুৱাবলৈ সক্ষম হয় যদিও কৃষক পৰিয়ালটোৰ ভঁৰাল ঘৰৰ লগতে তিনিটাকৈ টিনপাতৰ ঘৰ আৰু সকলো ধৰণৰ আচবাব, আ-অলংকাৰ জুইত জাহ যায় ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like