নিয়মীয়া বাৰ্তা, ৩০ মেঃ কালি ধুবুৰীৰ অতিৰিক্ত ন্যায়াধীশ তথা বিশেষ ন্যায়াধীশৰ আদালতে ড্ৰাগছ সন্দৰ্ভীয় গোচৰৰ ভিত্তিত আনিছুৰ ৰ’হমান আৰু মোকলেছুৰ ৰ’হমান নামৰ দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক এন.ডিপি.এছ.আইনৰ অধীনত দোষী সাব্যস্ত কৰি সশ্ৰম কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ৰায়দান প্ৰদান কৰা বুলি জানিব পৰা গৈছে। আদালতে আনিছুৰ ৰ’হমানক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰিও ১ লাখ টকাৰ জৰিমনা বিহাৰ বিপৰীতে মোকলেছুৰ ৰ’হমানক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰি ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ২০২২ বৰ্ষত ধুবুৰী আৰক্ষী থানাত ৰুজু হোৱা ১৩২/২২ নম্বৰৰ এক গোচৰৰ ভিত্তিত আদালতে এই ৰায়দান দিয়ে। উল্লেখ্য যে, বিগত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুই ভাতৃ আনিছুৰ আৰু মোকলেছুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী