স্বাধীনতা শব্দটোৱে বুকুত গোপনে তেজ নিগৰায় ধুবুৰীৰ এটা পৰিয়ালৰ
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী, ১৪ আগষ্ট : দেশৰ ৭৭তম স্বাধীনতা দিৱসলৈ আছে মাজত মাথো দুদিন। স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত হ’বলগীয়া বিভিন্ন কাৰ্য্যসূচী সফলভাৱে ৰূপায়িত কৰাৰ বাবে বাবে এতিয়াৰে পৰা টঙালী বন্ধা দেখা গৈছে ধুবুৰী জিলা প্ৰশাসনকে ধৰি অন্যান্য সংগঠনে। কিন্তু ১৫ আগষ্টৰ সেই বিশেষ দিনটো আহিলেই হৃদয়ত গোপনে তেজ নিগৰে ধুবুৰী জিলাৰ গোলকগঞ্জৰ সমীপৰ ঢেপঢেপীৰ খেকশিয়ালী গাঁৱৰ এটা পৰিয়ালৰ৷ “স্বাধীনতা” শব্দটোৱে চকুলো নিগৰায় দুৰ্ভগীয়া এহাল মাতৃ-পুত্ৰৰ৷ ২০০২ চনৰ ১৩ মাৰ্চৰ ঘটনা। ২১ বছৰ পূৰ্বৰ এক কালনিশাই তচনচ কৰি দিছিল ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ ঢেপঢেপীৰ এটা সুখী পৰিয়ালক৷ সিদিনা নিশা হাতত অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত চাৰিজনীয়া আলফা সদস্যৰ এক দলৰ অত্যাধুনিক মাৰণাস্ত্ৰৰ ধাৰাষাৰ গুলীবৰ্ষণত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি ভাস্কৰ বোস আৰু তেওঁৰ ৰুগীয়া মাতৃয়ে থিতাতে প্ৰাণ হেৰুৱাইছিল৷ সেই সময়ত ভাস্কৰৰ পত্নী চন্দনাৰ কোঁচত আছিল আঢ়ৈমহীয়া এটি শিশু৷ উক্ত ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ভাস্কৰ পিতৃ কানাইলাল বোসৰ৷ উল্লেখ্য যে, প্ৰয়াত কানাইলাল বোস আছিল ভাৰত চৰকাৰে তাম্ৰপত্ৰৰে সন্মানিত কৰা এগৰাকী স্বাধীনতা সংগ্ৰামী৷ উল্লেখ্য যে আলফাৰ সৈতে ভাস্কৰ বোসৰ নাছিল কোনো ব্যক্তিগত শত্ৰুতা। নিজৰ গাওঁখনৰ ৰাইজক “স্বাধীনতা” শব্দটোৰ প্ৰকৃত সোৱাদ দিয়াৰ বাবে নিজৰ গাঁঠিৰ ধন খৰচ কৰি প্ৰতি বছৰে ২৬ জানুৱাৰী আৰু ১৫ আগষ্টৰ দিনা মাইক ভাৰা কৰি গাওঁবাসীক দেশাত্মবোধক গীত শুনাইছিল তেওঁ৷ নিজৰ বাসগৃহত উত্তোলিত কৰিছিল ত্ৰিৰংগা পতাকা৷ ফলত ভাস্কৰ বোসে নিষেধাজ্ঞা অমান্য কৰি ৰোষত পৰিছিল আলফাৰ৷ সংগঠনটোৱে ভাস্কৰ বোসক প্ৰদান কৰা সকিয়নীলৈ কেৰেপ নকৰি নিজৰ স্থিতিত অটল আছিল তেওঁ। ৷ তাৰ ফলস্বৰূপেই কৰুণ পৰিসমাপ্তি ঘটিছিল ভাস্কৰ বোসৰ৷ ইপিনে সিদিনা নিশাৰ স্মৃতিচাৰণ কৰিবলৈ গ’লে আজিও চকু সেমেকি অহা দেখা যায় ভাস্কৰ পত্নী চন্দনাৰ৷ “সিদিনা ধুবুৰীলৈ গৈছিল তেখেত৷ সন্ধিয়া ঘৰলৈ উভতি আহিছিল মাছ লৈ৷ মই মাছৰ জোল আৰু ভাত বনাইছিলোঁ৷ নিশা ৯টা মান বজাত পক্ষাঘাতত শয্যাশায়ী শাহু আইক ভাত খোৱাই আছিলো মই৷ ঠিক সেই সময়তে উপস্থিত হৈছিল তেওঁলোক৷ মই স্বামীৰ প্ৰাণভিক্ষা বিছাৰি কাবৌ কাকতি কৰিছিলোঁ৷ কিন্তু তেওঁলোক কৰ্ণপাত কৰা নাছিল৷” ইফালে চকুৰ সন্মুখত স্বামী আৰু শাহুয়েকৰ ৰক্তাক্ত নিথৰ দেহ প্ৰত্যক্ষ কৰি শোকত ভাগি পৰিছিল ভাস্কৰ পত্নী চন্দনা বোসে৷ কিন্তু দৃঢ়তাৰে ফুল কোমলীয়া পুত্ৰ সন্তানক লৈ অকলেই নামি পৰিছিল জীৱন যুদ্ধত৷ কালৰ গতিত এদিন পুত্ৰ শোকত পিতৃ কানাইলাল বোসৰো মৃত্যু ঘটিছিল৷ সৌসিদিনাৰ শিশু শংখনাথ বোস আজি যৌৱনৰ দুৱাৰদলিত৷ ২১ বছৰীয়া পিতৃৰ স্মৃতি বুলিলে আছে কেৱল ২০০২ চনৰ গণৰাজ্য দিৱসৰ দিনা পিতৃয়ে হাতত জাতীয় পতাকা লৈ উঠা জৰাজীৰ্ণ এক আলোক চিত্ৰ৷ ইফালে কিন্তু পৰিয়ালটোৰ নাই কোনো ধৰণৰ নিৰ্দিষ্ট উপাৰ্জন৷ ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি ভাস্কৰ বোসৰ অকাল মৃত্যুৰ পিছৰ পৰাই চৰম আৰ্থিক সংকটত দিন পাৰ কৰিবলগীয়া হৈছে মাতৃ–পুত্ৰই। সহায় কৰাৰ বাবে বিভিন্ন জনে দিয়া বিভিন্ন প্ৰতিশ্ৰুতি দিঠকত গৈ পূৰণ নকৰাকে লৈ আছে হতাশা পৰিয়ালটোৰ; পিছে হাৰ মানা নাই চন্দনা বোসে – পুত্ৰক লৈ অকলে চলাই গৈছে সংগ্ৰাম। কিন্তু পৰিতাপৰ কথা এয়াই যে দেশমাতৃকাক ভাল পাই অকাল মৃত্যুক সাৱটা ভাস্কৰ বোসৰ কাহিনী সময়ৰ সোঁতত লাহে লাহে কিন্তু ধাৱমান হৈছে পাহৰনিমুখী যাত্ৰালৈ।