নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ সীমান্ত আৰক্ষী শাখাৰ কাৰ্যালয়ত অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ যোৱাকালি মাজনিশা ধুবুৰীৰ সদৰ থানা চৌহদৰ আৰক্ষীৰ সীমান্ত শাখাৰ কাৰ্যালয়ত এক অগ্নিকাণ্ডৰ ঘটনা ঘটা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, অগ্নিকাণ্ডটোৰ বিষয়ে অৱগত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কপে। বৈদ্যুতিক শৰ্ট চাৰ্কিটৰ পৰাই অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডটোৰ ঘটনাটোকে ধৰি অগ্নিকাণ্ডটোত কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ কোনো নথিপত্ৰ ভষ্মীভূত হৈছে নেকি সেই সন্দৰ্ভে ধুবুৰী আৰক্ষীয়ে এতিয়ালৈ আনুষ্ঠানিক ভাৱে একো জনোৱা নাই। কিন্তু ধুবুৰী সদৰ থানাৰ চৌহদত আংশিক ভষ্মীভূত তথা পানীত তিতা কিছু নথীপত্ৰৰ দম ৰ’দত শুকাবলৈ দিয়া প্ৰত্যক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱানিশা ৰ সেই অগ্নিকাণ্ডটোত কাৰ্যালয়টোৰ কিছু নথী-পত্ৰ নষ্ট হোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে, ধুবুৰী চহৰৰ ১নং ৱাৰ্ডৰ আৰক্ষী অধীক্ষকৰ কার্যালয় চৌহদত নতুন কার্যালয় ভৱনৰ নির্মাণৰ কাম আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি সেই স্থানত থকা ধুবুৰী সীমান্ত শাখাৰ কাৰ্যালয় তথা কাৰ্যালয়টোৰ সকলো গুৰুত্বপূৰ্ণ নথীপত্ৰ ধুবুৰী সদৰ থানা চৌহদৰ এটি কাৰ্যালয় লৈ স্থানান্তৰিত কৰা হৈছিল। ইপিনে, বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰীৰ দৰে সংবেদনশীল জিলা এখনৰ আৰক্ষীৰ সীমান্ত শাখাৰ কাৰ্যালয়টোত যোৱানিশাৰ সেই অগ্নিকাণ্ডৰ ঘটনাটোৱে বিভিন্ন মহলত চাঞ্চল্যৰ সৃষ্টি কৰা পোৱা গৈছে। সমান্তৰালকৈ অগ্নিকাণ্ডটোত কাৰ্যালয়টোত থকা সংবেদনশীল তথা গোপনীয় কিছু নথি-পত্ৰও পুৰি ভষ্মীভূত হ’ল নেকি সেয়াও এক প্ৰশ্নৰূপে উঠি আহিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like